NORTHEAST NOW (Assamese)
অসম

চিমেণ্টৰ জিএছটি নকমিল : সাধাৰণৰজনৰ ‘এটা ঘৰৰ সপোন’ক অৱজ্ঞা মোদী চৰকাৰৰ

Posted by: এন ই নাও নিউজ December 22, 2018 10:09 pm
Cement

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি জি এছ টি কাউন্সিলৰ বহু প্ৰত্যাশিত ৩১ সংখ্যক বৈঠকত মাত্ৰ কেইপদমান বস্তুৰ জি এছ টিহে আশাব্যঞ্জক ধৰণে হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ ফলত ২৮ শতাংশৰ সৰ্বাধিক জি এছ টি থকা সামগ্ৰীৰ পৰিমাণ ৩৪টাৰ পৰা ২৮টালৈ হ্ৰাস হয়। চিমেণ্টৰ জিএছটি হ্ৰাস হ’ব বুলি আৰু সৰ্বসাধাৰণজনৰ এটা ঘৰৰ সপোনে বাস্তৱ ৰূপ পোৱাত সহায় কৰিব বুলি মোদী চৰকাৰে যি ধাৰণা দি আছিল, সেয়া আজি দেখা নগ’ল।

উল্লেখযোগ্য যে বিত্ত মন্ত্ৰীয়েও দুদিন পূৰ্বে চিমেণ্টক ২৮ শতাংশ জি এছ টিৰ পৰা বাহিৰলৈ আনি সৰ্বসাধাৰণক সকাহ দিয়াৰ ইংগিত দিছিল। কিন্তু সেইটোৰ আজিৰ জি এছ টি কাউন্সিলৰ বৈঠকত লোৱা সিদ্ধান্তবোৰত প্ৰতিফলন নঘটিল।

আজি বৈঠকত বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে কয় যে কেৱল বিলাসী সামগ্ৰী আৰু ক্ষতিকৰ সামগ্ৰী (sin goods)বোৰহে এতিয়া ২৮ শতাংশৰ অধীনত আছে।

কিন্তু ২৮ শতাংশ জি এছ টিৰ ফলত হোৱা চিমেণ্টৰ অত্যধিক মূল্যই সৰ্বসাধাৰণক কেনেকৈ এটা ঘৰ বনোৱাৰ সপোনটোৰ পৰা দূৰত ৰাখিব পাৰে, সেই কথাটোৰ প্ৰতি চৰকাৰৰ সংবেদনশীলতা প্ৰকট হৈ পৰিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে এই বৈঠকৰ মাত্ৰ দুদিনমান পূৰ্বে প্ৰধান মন্ত্ৰী মোদীয়ে এটা টুইটত ইংগিত দিছিল যে জি এছ টি পৰিষদে নিউ নিউমেটিক টায়াৰ বা ৰাবাৰ, ডিজিটেল কেমেৰা, এয়াৰ কণ্ডিশ্যনাৰ, ডিছ ৱাশ্বিং মেচিন, টি ভিৰ ছেট টপ বক্স, মনিটৰ আৰু প্ৰজেক্টৰৰ লগতে নিৰ্মাণ সামগ্ৰী চিমেণ্টৰো হাৰ হ্ৰাস কৰিব পাৰে।

কিন্তু আজি অন্য বহুকেইটা বস্তুৰ জি এছ টি হ্ৰাস পালে যদিও চিমেণ্টক সাঙুৰি নোলোৱাটোৱে হতাশ কৰিলে দেশৰ সৰ্বসাধাৰণক।

উল্লেখযোগ্য যে আজি কেইবাটাও সামগ্ৰীৰ জি এছ টি শ্লেবৰ সালসলনি ঘটায় চৰকাৰে। ১৮ শতাংশৰ পৰিসৰৰ ভিতৰত থকা বহুকেইপদ তালিকা ১২ শতাংশৰ পৰিসৰলৈও অনা হয়। মুঠ ৩৩বিধ সামগ্ৰীৰ জি এছ টি হ্ৰাস কৰা হয়।