NORTHEAST NOW (Assamese)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতনত অভিযুক্ত অধ্যাপকক নিলম্বন

September 30, 2021 1:00 pm · এন ই নাও নিউজ

বুধবাৰে বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত অভিযুক্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকক আজি নিলম্বন কৰা হয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অমিত পাণ্ডেৰ বিৰুদ্ধে বুধবাৰে এগৰাকী ছাত্ৰীক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

এই সংক্ৰান্তত সঠিক তদন্ত বিচাৰি আৰু অভিযুক্তক শাস্তি দিবলৈ স্নাতকোত্তৰ ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এখন স্মাৰকপত্ৰ দাখিল কৰিছিল।

অমিত পাণ্ডেয়ে হোৱাটছএপ আৰু ফেচবুকৰ জৰিয়তে ছাত্ৰীসকলক অশ্লীল বাৰ্তাৰে যৌন নিৰ্যাতন কৰে বুলি অভিযোগ উত্থাপিত হৈছিল।

উল্লেখ্য যে ইয়াৰ আগতেও এজন শিক্ষাৰ্থীয়ে অধ্যাপকজনৰ অশ্লীল আচৰণৰ বিষয়ে অভিযোগ কৰিছিল।

Related News