NORTHEAST NOW (Assamese)
অসম

অচিৰেই কাগজ-বিহীন হোৱাৰ পথত গুৱাহাটী বিশ্ববিদ্যালয়

Posted by: এন ই নাও নিউজ September 16, 2018 3:18 pm
gauhati-university-photo-570x320

গুৱাহাটী বিশ্ববিদ্যালয় কাগজ-বিহীন হোৱাৰ পথত আগবাঢ়িছে। বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই প্ৰকাশ কৰিছে যে বিশ্ববিদ্যালয়খনক কাগজ-বিহীন কৰি তোলাৰ প্ৰায় ৭৫ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। উপাচাৰ্যগৰাকীয়ে আশা প্ৰকাশ কৰিছে যে চলিত বৰ্ষৰ শেষৰ ফালে বাকী ২৫ শতাংশ কামো সম্পূৰ্ণ হৈ উঠিব আৰু অহা বছৰৰ পৰা বিশ্ববিদ্যালয়খন কাগজ-বিহীন হৈ উঠিব।

শেহতীয়াভাৱে বিশ্ববিদ্যালয়খনে বিশ্ববিদ্যালয়খনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ আৱেদনপত্ৰ পূৰণ, পৰীক্ষা সম্পৰ্কীয় আদি কাম-কাজ অনলাইনযোগে সম্পন্ন কৰাৰ বাবে এটা ইণ্টিগ্ৰেটেড মেনেজমেণ্ট ছিষ্টেম আৰম্ভ কৰিছে।

উপাচাৰ্যগৰাকীয়ে আৰু জনাইছে যে নাকে প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক ‘এ’ গ্ৰেড প্ৰদান কৰিছে। বিশ্ববিদ্যালয়ে এটা পৰামৰ্শ প্ৰদান সেৱা আৰম্ভ কৰাৰ বিষয়তো চিন্তা-চৰ্চা কৰিছে।

উপাচাৰ্য হাজৰিকাই আৰু কৈয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসৰ সাম্ভাব্য সকলো দিশতেই বৃদ্ধি কৰা হৈছে আৰু ইয়ে বিশ্বত ইয়াৰ অৱস্থিতি অনুভূত কৰাব।

নতুনকৈ নিৰ্মিত শৈক্ষিক ভৱন আৰু ‘ক্লজড কেম্পাছ’ৰ নিশ্চিতিৰ লগতে বিশ্ববিদ্যালয়খনে গৱেষকসকলৰ সুবিধাৰ বাবে এটা স্কেনিং ইলেক্ট্ৰন মাইক্ৰস্ক’প (SEM) লাভ কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ পৰিসৰৰ বিশ্ববিদ্যালয়ৰ পৰা আৰু অধিক শৈক্ষিক পৰিৱেশ আশা কৰা হয়। শেহতীয়াভাৱে বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিয়োগ সম্পৰ্কত কেতবোৰ বিতৰ্কৰ সূচনা হৈছে আৰু ফলত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক লক্ষ্য বিচ্যুত হৈ পৰাৰ লগতে বিকাশৰ নিৰৱচ্ছিন্ন সোঁতটোত বাধা পৰিছে।