NORTHEAST NOW (Assamese)
Popular Stories

পুত্ৰস্নেহ! দুমহীয়া সন্তানৰ বাবে চন্দ্ৰপৃষ্ঠত মাটি ক্ৰয় কৰিলে গুজৰাটৰ ব্যৱসায়ীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 30, 2021 11:31 am
পুত্ৰস্নেহ! দুমহীয়া সন্তানৰ বাবে চন্দ্ৰপৃষ্ঠত মাটি ক্ৰয় কৰিলে গুজৰাটৰ ব্যৱসায়ীয়ে

মাক-দেউতাকৰ বাবে নিজৰ সন্তানসকল নয়নৰ মণিস্বৰূপ।

সন্তানে যি বিচাৰে, সেয়া মাক-দেউতাকে দিবলৈ অসাধ্যও সাধন কৰে।

তেনে এক উদাহৰণ দাঙি ধৰে গুজৰাটৰ ছুৰাট নিবাসী এজন ব্যৱসায়ীয়ে।

নিজৰ দুমহীয়া সন্তানৰ বাবে তেওঁ ক্ৰয় কৰে চন্দ্ৰপৃষ্ঠত এটুকুৰা মাটি।

শুনিবলৈ আজৱ যেন লাগিলেও সঁচা।

ব্যৱসায়ী গৰাকীৰ নাম বিজয়ভাই কাঠাৰিয়া।

সংবাদমাধ্যমত প্ৰকাশিত বাতৰিমতে, তেওঁ নিজৰ দুমহীয়া পুত্ৰ নিত্যৰ বাবে চন্দ্ৰপৃষ্ঠত এক একৰ মাটি ক্ৰয় কৰিছে।

ইয়াৰ বাবে ১৩ মাৰ্চত নিউয়ৰ্কত অৱস্থিত ইণ্টাৰনেচনেল লুনাৰ ৰেজিষ্ট্ৰিলৈ (International Lunar Registry) ই-মেইল কৰে।

কিছুদিনৰ পাছতেই সংস্থাটোৰ পৰা সেইজ সংকেত লাভ কৰে।

তাৰ পাছতে বিজয়ভাইয়ে প্ৰয়োজনীয় কাগজ-পত্ৰসমূহ সংস্থাটোলৈ পঠায়।

জানিব পৰামতে, চন্দ্ৰপৃষ্ঠৰ মেয়াৰ মোসকভিন্স নামৰ অংশটোত মাটিটুকুৰা ক্ৰয় কৰা হৈছে।

মাটিটুকুৰাৰ দাম জনা প্ৰকাশ কৰা নাই যদিও, অনুমানিক চন্দ্ৰৰ এক একৰ জমি ক্ৰয় কৰিবলৈ ভাৰতীয় হিচাপত ৫০ হাজাৰ টকা খৰচ কৰা হৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ভাৰতীয় ব্যৱসায়ীয়ে চন্দ্ৰত মাটি ক্ৰয় কৰিছিল।

উদাহৰণস্বৰূপে- ৰাজস্থানৰ বাসিন্দা ধৰ্মেন্দ্ৰ আনিজা।

তেওঁ পত্নী স্বপ্নাক বিয়াৰ উপহাৰ হিচাপে চন্দ্ৰপৃষ্ঠৰ তিনি একৰ মাটি ক্ৰয় কৰিছিল।