NORTHEAST NOW (Assamese)
অসম

মঞ্চত ৰাজ্যৰ উন্নয়নৰ বিষয়ে কৈ ভাষণ দি থাকোতে হঠাতে ঢলি পৰিল গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 15, 2021 9:39 am
WhatsApp Image 2021-02-15 at 9.11.04 AM

মঞ্চত ভাষণ দি থকাৰ সময়তে জ্ঞান হেৰুৱালে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে। দেওবাৰে ভদোদৰাৰ নিজামপুৰৰ এখন সমাৱেশত সংঘটিত হয় এই ঘটনা। অৱশ্যে কিছু সময় পাছতেই তেওঁ জ্ঞান ফিৰাই পায়।

তেওঁক ততাতয়াকৈ চিকিৎসাৰ বাবে বিমানেৰে আহমেদাবাদৰ হাস্পাতলত ভৰ্তি কৰোৱা হয়। বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী সুস্থ আছে বুলি জানিবলৈ দিয়ে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী নীতিন পেটেলে।

ৰাজ্যখনৰ বিজেপি দল এই ঘটনাত কিছু উদ্বিগ্ন হৈ পৰিছে।

নিজামপুৰৰ সমৱেশত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ উন্নয়ন সম্পৰ্কে ভাষণ দিছিল। ধৰ্মান্তকৰণ আইন সম্পৰ্কতো তেওঁ বক্তৱ্য ৰাখিছিল।

ভাষণৰ মাজতে হঠাৎ জ্ঞান হেৰুৱাই ঢলি পৰে মুখ্যমন্ত্ৰীগৰাকী। কাষতে থকা দেহৰক্ষীয়ে তেওঁ ধৰি পেলায়।

বাতৰি অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীৰ ৰক্তচাপ আৰু ছুগাৰৰ পৰিমান হঠাতে কমি যোৱাৰ বাবে এই ঘটনা ঘটে। যোৱা কিছুদিন ধৰি তেওঁ অসুস্থ আছিল।

অহা ২১ ফেব্ৰুৱাৰিত গুজৰাট পৌৰসভাত নিৰ্বাচন আছে। সেয়ে মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত হ’বলগীয়া হৈছে। শৰীৰৰ অসুস্থতা লৈয়েই শনিবাৰ আৰু দেওবাৰে ৬৪ বছৰীয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাখনো সমাৱেশত উপস্থিত অংশ লৈছিল।