NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা January 28, 2021 2:52 pm
ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত লাগিছে  ভয়ংকৰ সংঘৰ্ষ।

কাজিৰঙাত গঁড় হত্যা কৰিবলৈ অহাৰ সময়তে চোৰাং চিকাৰী মুখামুখি হয় বনকৰ্মীৰ সৈতে।

কাজিৰঙাত নিশা চোৰাং চিকাৰীৰ দলটোৱে প্ৰৱেশ কৰিছিল আৰু গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল।

চোৰাং চিকাৰীক প্ৰত্যক্ষ কৰাৰ পিছতে বনকৰ্মীয়ে ধাৰাসাৰ গুলীবৰ্ষণ কৰে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ কাৰ্ত্তিকা চাপৰিত সংঘটিত হৈছে এই ঘটনা।

গুলীবৰ্ষণৰ পিছতে  পলাই যাবলৈ সক্ষম হয় চোৰাংচিকাৰীৰ দলটো। দলটোৰ সন্ধানত বনকৰ্মীয়ে অভিযান অব্যাহত ৰাখিছে।