NORTHEAST NOW (Assamese)
অসম

Nigeria church attack: নাইজেৰিয়াৰ গীৰ্জাত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ৫০ জন নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 6, 2022 9:10 am
Nigeria church attack: নাইজেৰিয়াৰ গীৰ্জাত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ৫০ জন নিহত

নাইজেৰিয়াত বন্দুকধাৰীয়ে গীৰ্জাত চলোৱা আক্ৰমণত কমেও ৫০ জন লোক নিহত হৈছে। আন্তৰ্জাতিক সংবাদ সংস্থাই প্ৰকাশ কৰা বাতৰিত কোৱা হৈছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

এগৰাকী স্থানীয় প্ৰশাসনিক বিষয়া ওগুমোলাচুই ওলুলে জানিবলৈ দিয়ে যে ওণ্ডো প্ৰদেশৰ ছেইণ্ট ফ্ৰান্সিছ কেথলিক গীৰ্জাত প্ৰাৰ্থনাৰ বাবে বহুলোক সমবেত হোৱাৰ  সময়তে কেইবাজনো বন্দুকধাৰীয়ে গীৰ্জাত গুলীচালনা কৰে। আক্ৰমণটোত কেইবাজনো শিশুও নিহত হয়।

অৱশ্যে, গুলীচালনাত নিহত লোকৰ সঠিক সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। আশংকা কৰা হৈছে যে এই ঘটনাত কমেও ৫০ জন লোক নিহত হৈছে। ঘটনাটোৰ সময়ৰ এটা ভিডিঅ’ত গীৰ্জাটো তেজৰে ৰাঙলী হৈ থকা দেখা যায়। সেই তেজৰ ওপৰতে পৰি ৰৈছে গীৰ্জাত প্ৰাৰ্থনা কৰিবলৈ অহা লোক সকলৰ মৃতদেহ।

নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীয়ে এই ঘটনাত শোক প্ৰকাশ কৰি কয়, “যিয়েই নহওঁক, নাইজেৰিয়াই কেতিয়াও বেয়া লোকৰ ওচৰত হাৰ নামানে। অন্ধকাৰে কেতিয়াও পোহৰক জয় কৰিব নোৱাৰে। ”

অৱশ্যে, গীৰ্জাত আক্ৰমণৰ আঁৰত কোন আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে  ওণ্ডো নাইজেৰিয়াৰ আটাইতকৈ শান্তিপূৰ্ণ ৰাজ্যসমূহৰ ভিতৰত এখন। কিন্তু কিছুদিনৰ পৰা ইয়াত পশুপালক আৰু কৃষকসকলৰ মাজত অশান্তিয়ে বিৰাজ কৰি আছে। এই আক্ৰমণটো তেনে অশান্তিৰ পৰিণতি হ’ব পাৰে নেকি সেয়া কিন্তু স্পষ্ট হোৱা নাই।

স্থানীয় আৰক্ষীয়ে এতিয়ালৈ এই  বিষয়ে কোনো কথা স্পষ্ট কৰা নাই। অঞ্চলটোৰ স্থানীয় বাসিন্দাসকল এই আক্ৰমণৰ ঘটনাত হতভম্ব  হৈ পৰিছে।