NORTHEAST NOW (Assamese)
Popular Stories

অনলাইন ক্লাছ বিচাৰে বাবেই স্কুলত বোমা দিয়াৰ ভাবুকি! আটক ১২ বছৰীয়া শিশু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 22, 2024 10:13 am

প্ৰতিদিনে স্কুললৈ গৈ মোৰ ভাল নালাগে। মোক অনলাইন ক্লাছ লাগে। এইদৰেই স্কুললৈ ইমেইল কৰি ১২ বছৰীয়া শিশু বোমাৰ ভাবুকি! শেহতীয়াকৈ গুৰুগ্ৰামত সংঘটিত হৈছে এই ঘটনা। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাত্ৰজনক।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, গুৰুগ্ৰামৰ ছেক্টৰ ৬৫ এলেকাৰ এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বুধবাৰে পুৱা বিদ্যালয় কৰ্তৃপক্ষলৈ আহিছিল এটা ইমেইল। কোৱা হৈছিল যে বিদ্যালয়খনত এটা বোমা স্থাপন কৰা হৈছে। বিদ্যালয় কৰ্তৃপক্ষই ক্ষন্তেকতে গুৰুগ্ৰাম আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাত এজাহাৰ দাখিল কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে তদন্তৰ অন্তত ১২ বছৰীয়া ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে।

গুৰুগ্ৰাম আৰক্ষীৰ এগৰাকী বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা মতে অভিযুক্ত কিশোৰজন সেই বিদ্যালয়ৰ ছাত্ৰ। জেৰাৰ সন্মুখত ছাত্ৰজনে আৰক্ষীক জনাইছে যে তেওঁ ভাবিছিল যে যদিহে বোমা বিস্ফোৰণৰ ভয় বিদ্যালয়ত বিয়পি পৰে তেন্তে অনলাইনত ক্লাছ অনুষ্ঠিত হব! গতিকে ছাত্ৰজনে দুবাৰ চিন্তা নকৰাকৈয়ে বিদ্যালয়খনলৈ ইমেইল কৰিলে।

গুৰুগ্ৰাম ষ্টেচন হাউছৰ বিষয়া নবীন কুমাৰে সংবাদ সংস্থাটোক জনাইছে যে, “আৰক্ষীয়ে ইমেইল প্ৰেৰকক বিচাৰি উলিয়াই লৰাজনক উদ্ধাৰ কৰে। ছাত্ৰজনক সোধা-পোছা কৰাৰ পিছত প্ৰথমতে ধাৰণা কৰা হৈছে যে পৰিস্থিতিৰ গুৰুত্ব বুজি নোপোৱাকৈয়ে ছাত্ৰজনে এই কাণ্ড সংঘটিত কৰিছিল।অৱশ্যে এই ঘটনাৰ আঁৰত আন কিবা কাৰণ আছে নেকি, বা ছাত্ৰজনে কিবা শুনিছে নেকি সেই বিষয়ে জানিবলৈ এতিয়াও তদন্ত অব্যাহত আছে। তদন্তত ছাত্ৰজনেও সহযোগিতা আগবঢ়াইছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।