NORTHEAST NOW (Assamese)
অসম

অসমত আন্তঃৰাজ্যিক পাৰ্মিটৰ ব্যৱস্থা নকৰিলে খিলঞ্জীয়াৰ পৰিচয় বিপদাপন্ন হ’ব : অঃ জাঃ যুঃ ছাঃ পঃ

Posted by: মুকুট দাস August 20, 2018 10:55 pm
Guwahati- ajycp protest

অসমত শীঘ্ৰে আন্তঃৰাজ্যিক পাৰ্মিট ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গুৱাহাটীৰ দীঘলিপুখুৰীত এক ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘত কাৰ্যসূচী পালন কৰে।

এই উদ্দেশ্যে সংগঠনটোৰ গুৱাহাটী সমিতিৰ সাধাৰণ সম্পাদক কৃষ্ণকান্ত ৰয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘আন্তঃৰাজ্যিক পাৰ্মিট ব্যৱস্থা প্ৰবৰ্তন নকৰিলে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ পৰিচয় বিপদাপন্ন হ’ব।‘

অনুপ্ৰৱেশৰ সমস্যই ইতিমধ্যে ৰাজ্যখনৰ জনগাঁঠনি সলনি কৰি বিভিন্ন ক্ষুদ্ৰ সম্প্ৰদায়সমূহৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে সংগঠনটোৰ গুৱাহাটী সমিতিৰ সভাপতি প্ৰদীপ কলিতাই কয়, ‘চৰকাৰে যদি অনতিপলমে আন্তঃৰাজ্যিক পাৰ্মিট প্ৰবৰ্তন নকৰে তেন্তে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ অৱস্থা ত্ৰিপুৰাত ত্ৰিপুৰীসকলৰ হোৱাৰ দৰে হ’ব।‘

অসমত  আন্তঃৰাজ্যিক পাৰ্মিট প্ৰবৰ্তন কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত ইয়াক বলৱৎ নকৰা পৰ্যন্ত তেওঁলোকে আন্দোলন চলাই যাব।

আজিৰ উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৰ গুৱাহাটী সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰো বহুসংখ্যক নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে।