NORTHEAST NOW (Assamese)
অসম

অৰুণাচলৰ পৰা উৰা মৰা হেলিকপ্তাৰৰ ভূটানত জৰুৰীকালীন অৱতৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2020 4:10 pm

অৰুণাচল প্ৰদেশৰ পৰা উৰা মৰা গুৱাহাটীৰ এখন ব্যক্তিগত হেলিকপ্তাৰে সোমবাৰে ভূটানত জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয়।

স্কাইওৱান এয়াৰৱেজে পৰিচালনা কৰা হেলিকপ্তাৰখনে অৰুণাচলপ্ৰদেশৰ টাৱাঙৰ পৰা উৰা মৰাৰ পাছত হেলিকপ্তাৰখনৰ পাইলটে হেলিকপ্তাৰখনত যান্ত্ৰিক বিজুতি দেখা পায়।

ভূটানৰ ৰাজধানী থিম্ফুৰ পৰা ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত পাৰোৰ এয়াৰ ট্ৰেফিক কন্ট্ৰোলৰ সহযোগত ভাৰতৰ হেলিকপ্তাৰখনে ভূটানৰ নাংগালাম হেলিপেডত কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নোহোৱাকৈ অৱশেষত অৱতৰণ কৰিবলৈ সক্ষম হয়।

হেলিকপ্তাৰখনত যাত্ৰা কৰি থকা সকলো যাত্ৰী সুৰক্ষিত হৈ আছে বুলি অৰুণাচল প্ৰদেশৰ বিমান পৰিহন মন্ত্ৰী গৰাকীয়ে পুনৰ সদৰী কৰে।

আনহাতে, হেলিকপ্তাৰখনৰ চালক আৰু পৰিচালক গৰাকীয়ে ভূটান চৰকাৰক তেওঁলোকে আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।