NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 18, 2025 9:07 am

গুৱাহাটী চিটি চেণ্টাৰ মল নিৰ্মাণৰ নামত সংঘটিত হৈছিল বৃহৎ জালিয়াতিৰ। গুৱাহাটী আৰক্ষীৰ সূত্ৰ অনুসৰি পিঠানি ভাতৃদ্বয়ৰ মালিকানাধীন এম/এছ ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড নামৰ কোম্পানীয়ে ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি দোকান বিক্ৰী কৰিছিল।

২০২২ চনত মাটিৰ মালিক অঞ্জু দেওৰাই এজাহাৰ দাখিল কৰা পিছতে এই ঘটনাটো প্ৰথম পোহৰলৈ আহে। দেওৰাই অভিযোগ কৰে  যে, ২০০৯ চনত তেওঁৰ মাটিত মল নিৰ্মাণৰ চুক্তিৰ সময়তে তেওঁক পিঠানি ভাতৃদ্বয়ে ছলনা কৰিছিল।

তদন্তৰ সময়ত পোহৰলৈ আহে যে ২০১৯ চনৰ ১৮ এপ্ৰিলত হংকঙত দেওৰাৰ নামত চাৰিটা ভুৱা চুক্তি পঞ্জীয়ন কৰা হৈছিল। তাৰ পিছত দেওৰাই এনেধৰণৰ আৰু ১৩খন ভুৱা কাগজ উদ্ধাৰ কৰে। পৰৱৰ্তী তদন্তত চৰকাৰী ৰেকৰ্ড পৰীক্ষা কৰি দেখা যায় যে সেই সময়ত দেওৰা ভাৰতত উপস্থিত নাছিল।

পৰীক্ষাৰ বাবে নথি-পত্ৰসমূহ ফৰেনছিক লেবলৈ প্ৰেৰণ কৰা হয়। বিশেষজ্ঞসকলে স্পষ্ট কৰে যে নথিসমূহত থকা স্বাক্ষৰ আৰু বুঢ়া আঙুলিৰ ছাপ অঞ্জু দেওৰাৰ প্ৰকৃত ছাপৰ সৈতে মিল পোৱা নাই।

আাৰক্ষীয়ে এতিয়ালৈকে একাধিক ভুৱা নথি জব্দ কৰিছে আৰু অতি শীঘ্ৰই ভাতৃদ্বয়ৰ বিৰুদ্ধে অভিযোগনামা দাখিল হ’ব বুলি জানিব পৰা গৈছে। লগতে প্ৰদীপ হৰলালকা আদি ক্ৰেতাসকলক সঠিক চুক্তিপত্ৰৰ প্ৰমাণ প্ৰদৰ্শন কৰিবলৈও জাননী প্ৰেৰণ কৰা হৈছে।

এই গোচৰক লৈ গৌহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে তীক্ষ্ন দৃষ্টি ৰাখিছে। বহু দোকানৰ মালিকে যিসকল জাল চুক্তিৰ আধাৰত দোকান কিনিছিল, তেওঁলোকেও দোকান হেৰুৱাব লগীয়া পৰিস্থিতি সৃষ্টি হ’ব পাৰে।