NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ পূজা মণ্ডপত ব্যতিক্ৰমী ৰূপ; ইছৰোৰ দ্বিতীয় চন্দ্ৰ অভিযানৰ প্ৰতীকী উপস্থাপন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2019 6:00 pm
Chandrayan-2

ব্যাপক উলহ-মালহ আৰু প্ৰস্তুতিৰে আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা।

পাঁচদিনীয়াকৈ পালন কৰিবলগীয়া দুৰ্গা পূজা উপলক্ষ্যে অসমৰ বিভিন্ন পূজা মণ্ডপ বিভিন্ন শৈলীৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে।

গুৱাহাটীৰ ছাত্ৰীবাৰী সাৰ্বজনীন দেৱ পূজাস্থান সমিতিৰ উদ্যোগত আয়োজিত পূজাত এইবাৰ বিশেষ ৰূপত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বিতীয় চন্দ্ৰ অভিযানৰ প্ৰতীকী উপস্থাপন দাঙি ধৰা হৈছে।

ছাত্ৰীবাৰী দুৰ্গা পূজা সমিতিৰ দ্বিতীয় চন্দ্ৰ অভিযানৰ প্ৰতীকী উপস্থাপনে এতিয়া পূজা মণ্ডপত ভক্তপ্ৰাণ ৰাইজৰ লগতে শিশু সকলক বিশেষভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ দ্বিতীয় চন্দ্ৰ অভিযানে সমগ্ৰ পৃথিৱীত ভাৰতীয় বিজ্ঞানীৰ সুনাম বৃদ্ধি কৰিলে আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অৱদানক জনসাধাৰণৰ মাজত তুলি ধৰাৰ উদ্দেশ্যেই এনেদৰে পূজা মণ্ডপত চন্দ্ৰযান-২ৰ প্ৰতীকী উপস্থাপন কৰা হৈছে বুলি নৰ্থ-ইষ্ট নাওক পূজা সমিতিৰ এগৰাকী প্ৰতিধিনিয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, লোকবিশ্বাস অনুসৰি এইবাৰ দেৱী মাৰ ঘোঁৰাত আগমণ ঘটিছে আৰু ঘোঁৰাত উঠিয়ে দেৱী মাই প্ৰস্থান কৰিব।