NORTHEAST NOW (Assamese)
অসম

মহানগৰীত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা August 6, 2020 10:41 am

গুৱাহাটী মহানগৰত আবকাৰী বিভাগৰ অভিযান৷ আজি পুৱাৰ ভাগত গুৱাহাটী সদৰ আবকাৰী বিভাগৰ এটা দলে মলিগাঁও অঞ্চলত অভিযান চলাই ধংস কৰে বহু সংখ্যক চুলাইৰ লগতে উৎখাত কৰে চুলাইৰ ভাটি৷

আবকাৰী বিভাগৰ অধীক্ষক দেৱজিৎ নাথৰ নেতৃত্বত আবকাৰী বিভাগে গুৱাহাটীৰ মালিগাঁৱৰ মিঠা আম, আদিংগিৰী অঞ্চলত ৰাতিপুৱা প্ৰায় ৭ মান বজাত এই অভিযান চলাই৷

অভিযানত উপ অধীক্ষক অনন্ত কলিতা আৰু নজৰুল ইছলামো উপস্থিত থাকে ৷

আবকাৰী বিভাগৰ উপ অধীক্ষক অনন্ত কলিতাই সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি, ‘মিঠা আম, আদিংগিৰী অঞ্চলত ১৫০ লিটাৰ চুলাই নষ্ট কৰাৰ পৰিবৰ্তে চুলাই মদৰ ৮ টা ভাটি উৎখাত কৰে৷ মদত ব্যৱহাৰ কৰা সামগ্ৰী ৪ হাজাৰ কেজি ধংস কৰে৷ মদ বনাবলৈ ব্যৱহাৰ কৰা সা সৰঞ্জাম সমূহো যথেষ্ট পৰিমানে ধংস কৰে’৷

চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ এই অভিযান চলি থাকিব বুলি জনাই আবকাৰি বিভাগৰ বিষয়া জনে৷

যিহেতু ক’ৰ’নাৰ সংক্ৰমণ ৰাজ্যত এতিয়াও অব্যাহত আছে সেয়ে সামাজিক দূৰত্ব যাতে ভংগ নহয় তাৰ বাবে এই পদক্ষেপ গ্ৰহন কৰিছে আবকাৰী বিভাগে৷