NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত বিবেক এক্সপ্ৰেছৰ পৰা ৩৮ লাখ টকা জব্দ ৰেইল আৰক্ষীৰ

Posted by: এন ই নাও নিউজ March 3, 2019 8:42 pm
Manoj_Currency

আজি দুপৰীয়া গুৱাহাটী ষ্টেইশ্যনত ৰেইল আৰক্ষীয়ে এজন লোকৰ পৰা ৩৮ লাখ টকাৰ নগদ ধন জব্দ কৰে। মনোজ ফ্ৰান্সিছ নামৰ এজন লোকৰ পৰা জব্দ কৰা টকাখিনি ২ হাজাৰ টকাৰ নোটৰ বাণ্ডিলত আছিল।

ৰেইল আৰক্ষীয়ে জনোৱা মতে, মনোজ যোৰহাটৰ পৰা বিবেক এক্সপ্ৰেছেৰে কন্যাকুমাৰীলৈ যাবলৈ আহিছিল। ৩৯ বছৰীয়া মনোজৰ ঘৰ কেৰালাত যদিও বৰ্তমানৰ ঠিকনা যোৰহাটৰ ৰ’ৰয়াৰ দীপক ষ্ট’ৰ। স্থায়ী ঠিকনা চীৰামবেন হাউছ, থানা- এৰুমাপট্টী, জিলা- ত্ৰিশূৰ, কেৰালা।

ৰেইল আৰক্ষীয়ে জনোৱামতে, বক্তিজনে তেওঁ লগত অনা ধনৰ বিষয়ে বিশ্বাসযোগ্য তথ্য দিব নোৱাৰিলে।  জব্দ কৰা বৃহৎ পৰিমাণৰ ধনখিনি আয়কৰ বিভাগক চমজাই দিয়ে ৰেইল আৰক্ষীয়ে।