NORTHEAST NOW (Assamese)
Popular Stories

১০দিন ধৰি নাই পানী যোগান : পানীত হাঁহ নচৰা অৱস্থা হৈছে মহানগৰবাসীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 4, 2023 10:16 am

এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গুৱাহাটী মহানগৰবাসীয়ে। আজি ১০ দিন ধৰি পানী যোগান দিব পৰা নাই গুৱাহাটী পৌৰ নিগমে। এফালে প্রচণ্ড গৰমৰ আৰু পানীৰ তীব্র নাটনিয়ে নগৰবাসীক বাৰুকৈয়ে জুৰুলা কৰিছে।

এটুপি খোৱাপানী বিচাৰি শনিবাৰে গুৱাহাটীৰ কেইবাটাও অঞ্চলৰ বাসিন্দাই হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। পানীৰ নাটনিৰ বাবে উৎকট গৰমতো বহু লোক গা-ধোৱা, কাপোৰ ধোৱাৰ লগতে পিয়াহ গুচাবলৈকো হাহাকাৰ কৰি ফুৰিব লগা হৈছে।

নগৰবাসীক পানী যোগান ধৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে গুৱাহাটী পৌৰ নিগম আৰু জলব’ৰ্ড । এই দুই বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাতে বিগত প্রায় ১০ দিন ধৰি গুৱাহাটীৰ ভালেকেইটা অঞ্চলৰ বাসিন্দাই লাভ কৰা নাই খোৱা পানী। 

বিশেষকৈ পানীৰ অভাৱত জু-ৰোডসহ ইয়াৰ দাঁতিকাষৰীয়া অম্বিকাগিৰী নগৰ, নাৰিকলবস্তি, বামুণীমৈদাম, হাতীগড় চাৰিআল আদি অঞ্চলৰ লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। 

প্রাপ্ত খবৰমতে যোৱা ২৫ মে’ত খাৰঘুলিস্ত পানীৰ পাইপ ফাটি সৃষ্টি হোৱা জলবিস্ফোৰণৰ পিচৰে পৰাই অর্থাৎ ২৬ মে’ৰ পৰাই উল্লিখিত অঞ্চলৰ লগতে আন কেইবাটাও স্থানৰ বাসিন্দাই পানী লাভ কৰা নাই। এনেদৰে ১০ দিন ধৰি পানী নোপোৱাত ক্ষোভত ফাটি পৰা উক্ত অঞ্চলৰ বাসিন্দাসকলে বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ জলব’ৰ্ডক কেইবাবাৰো আবেদন কৰিছে যদিও আজিপৰ্যন্ত কোনো সঁহাৰি লাভ কৰা নাই। 

চৰকাৰী পানী যোগান আঁচনি বাদেই, আনকি ব্যক্তিগতভাবেও পানী কিনিবলৈ পোৱা নাই বাসিন্দা সকলে। ক’ৰবাত পানী কিনিবলৈ পালেও তিনিগুণ, চাৰিগুণ পৰ্যন্ত দাম ভৰিবলগা হৈছে লোকসকলে। 

উল্লেখ্য যে অনতি বিলম্বে মহানগৰীত পানী যোগান নিদিলে পৌৰ নিগম, জলবৰ্ড তথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছে পানীৰ পৰা বঞ্চিত নাগৰিক সকলে।