NORTHEAST NOW (Assamese)

অখিল গগৈৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ : কাৰাগাৰতে থাকিব অখিল

January 7, 2021 10:53 am · কল্পজ্যোতি শইকীয়া
Updated: January 7, 2021 1:14 pm
অখিল গগৈৰ ফাইল ফটো

আজি জামিন লাভ নকৰিলে কৃষক নেতা অখিল গগৈয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাগৰাকীৰ জামিন আবেদন খাৰিজ কৰিছে।

ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু কে এল চুড়ানা বিচাৰপীঠে অখিল গগৈৰ জামিন সন্দৰ্ভত দিলে এই চুড়ান্ত ৰায়।

NIAৰ প্ৰথমটো গোচৰ অৰ্থাৎ চান্দমাৰি থানাৰ ১৩/১৯ নম্বৰ গোচৰত জামিন মঞ্জুৰ নহ’ল অখিল গগৈৰ।

যোৱা ১৩ অক্টোবৰৰ পৰা ১৭ ডিচেম্বৰলৈকে চলা দীঘলীয়া শুনানিৰ অন্তত আজি এই চুড়ান্ত ৰায়দান দিলে উচ্চ ন্যায়ালয়ে।

অখিল গগৈৰ হৈ শুনানিত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা আহমেদীয়ে অখিলৰ হৈ যুক্তি দৰ্শাইছিল। চৰকাৰৰ হৈ শুনানিত অংশগ্ৰহণ কৰি এছ. বি. ৰাজুৱে যুক্তি দৰ্শাইছিল।

উল্লেখযোগ্য যে, কা-বিৰোধী আন্দোলনৰ সময়তে ৰাজ্যৰ কেইবাখনো থানাত অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। তাৰে দুটা গোচৰ NIA ই তদন্তৰ বাবে লৈছিল।

অখিলৰ বিৰুদ্ধে চাবুৱা থানাত ৬ টা, ডিব্ৰুগড়ত ১ টা, গৌৰীসাগৰ থানাত ১ টা, শিৱসাগৰ থানাত ১ টা, টিয়ক থানাত ১টা, যোৰহাট থানাত এটা আৰু ক্ৰাইম ব্ৰাঞ্চত এটা আৰু চান্দমাৰি থানাত ১ টা গোচৰ ৰুজু হৈছিল।

চান্দমাৰি থানাক বাদ দি বাকীকেইটা গোচৰত ইতিমধ্যে জামিন লাভ কৰিলে অখিলে।

অখিলৰ হৈ শুনানিত ভিডিঅ’ কনফাৰেন্স যোগে অংশগ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিংহই।

ন্যায়াধীশ কল্যাণ ৰাই চূড়ানা আৰু অজিত বৰঠাকুৰৰ বিচাৰপীঠত চলিছিল এই গোচৰ।

যোৱা এবছৰে কাৰাৰুদ্ধ অখিল গগৈ বিভিন্ন ৰোগত আক্ৰান্ত হৈ বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে।

অখিল গগৈৰ অধিবক্তা কৃষ্ণ গগৈয়ে কয়ে যে অখিল গগৈক মাওবাদী সজাবলৈ NIA ই তেওঁৰ বিৰুদ্ধে কঠোৰ চার্জশ্বীট দাখিল কৰিছিল। যাৰফলত কৃষক নেতাজনে লাভ কৰিবলৈ সক্ষম নহ’ল।

Related News