NORTHEAST NOW (Assamese)

Operation against drugs মহানগৰীৰ দাঁতিকাষৰীয়া বৰ্ণিহাটত আৰক্ষীয়ে জব্দ কৰিলে ৪ কোটি টকা মূল্যৰ হেৰ’ইন, তিনিজনক আটক

November 19, 2021 9:18 pm · এন ই নাও নিউজ,গুৱাহাটী

Operation against drugs গুৱাহাটী মহানগৰীৰ দাঁতিকাষৰীয়া বৰ্ণিহাটত আজি মহানগৰ আৰক্ষীৰ লগতে কামৰূপ আৰক্ষীয়ে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান।

এই অভিযানতে এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় আধা কিলোগ্ৰাম ওজনৰ হেৰ’ইন।

জব্দ কৰা হেৰ’ইন খিনিৰ মূল্য প্ৰায় ৪ কোটি টকা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ মহন্তৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান।

অভিযানৰ সময়তে ট্ৰাক খনৰ চালকৰ আসনৰ কাষত থকা গোপন স্থানৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জৰিত থকাৰ অপৰাধত মণিপুৰৰ ইথেমছা মুছলাম আৰু ৰমেশ চেত্ৰীৰ লগতে হেৰ’ইন খিনি ক্ৰয় কৰিবলৈ অহা নংথন নামৰ লোক জনক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ট্ৰাক খনৰ লগতে এখন এল্ট’ গাড়ীও জব্দ কৰে।

Related News