NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মুকলি আন্ত:ৰাষ্ট্ৰীয় গ্ৰেণ্ড মাষ্টাৰছ দবাত উজলি উঠিছে অসমৰ জুনিয়ৰ দবাৰু

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 16, 2022 7:23 am

গুৱাহাটীত বিশ্বৰ ১১ খন দেশৰ প্ৰতিযোগীৰ উপস্থিতিত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় মুকলি গ্ৰাণ্ডমাষ্টাৰছ দবা প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ অন্তত ছেছ ফেডাৰেশ্যন অফ ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ প’নকাটভ , উবেকিস্থানৰ গ্ৰেণ্ডমাষ্টাৰ এম এজিৰকে বিদেশী ৰাষ্ট্ৰৰ আটাইকেইজন গ্ৰাণ্ডমাষ্টাৰ আৰু ভাৰতৰ গ্ৰেণ্ডমাষ্টৰ ক্ৰমে দীপান চক্ৰৱৰ্তী , ষ্টেনি জি , বিশাখ এন আৰ দুই দুই পইণ্টৰে অগ্ৰগতি অব্যাহত ৰাখিছে।

এই প্ৰতিযোগিতাত জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিছে অসমৰ একমাত্ৰ আই এম ছাহিল দেয়ে ।

অসমৰে ত্ৰৈলোক্য নন্দা , মায়াং চক্ৰৱৰ্তী আৰু কনিষ্ঠ দবাৰু নিহাদ ইছলাম হাজৰিকায়ো সমানে আগবাঢ়ি আছে ।

উল্লেখ্য যে গুৱাহাটীৰ ১৫ বছৰীয়া নিহাদে অসমৰ পাঁচবাৰৰ চেম্পিয়ন শান্তনু বৰপাত্ৰ গোহাঁইক পৰাস্ত কৰি চমক সৃষ্টি কৰে।

সেইদৰে জুনিয়ৰ দবাৰু আভাছ ৰামায়া শইকীয়াই ভাৰতৰ প্ৰতিষ্ঠিত দবাৰু তথা গ্ৰেণ্ডমাষ্টাৰ জে কাৰথিয়ানৰ সৈতে ড্ৰ খেলে। ডিব্ৰুগড়ৰ ১৫ বছৰীয়া আভাছে অভিজ্ঞ কাথিয়ানৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰি গ্ৰেণ্ডমাষ্টাৰজনক খেল ড্ৰ ৰাখিবলৈ বাধ্য কৰে ।

আনহাতে অন্য এগৰাকী জুনিয়ৰ দবাৰুবে গ্ৰেণ্ডমাষ্টাৰ দিব্যা দেশমুখত প্ৰথম ৰাউণ্ডত পৰাস্ত কৰি খলকনি তোলে।

ভাৰতৰ বৰ্তমানৰ মহিলা চেম্পিয়ন দেশমুখক পৰাস্ত কৰে ১৪ বছৰীয়া ডৰচ চেট্টীয়ে ।

এনেদৰে গুৱাহাটী মুকলি আন্ত:ৰাষ্ট্ৰীয় গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগিতা খনত অঘটন আৰু গ্ৰণ্ডমাষ্টাৰৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰি উজলি উঠিছে জুনিয়ৰ দবাৰু ।