NORTHEAST NOW (Assamese)
অসম

মহানগৰীত উৰুকাৰ উছাহ! গুৱাহাটীত উৰুকাৰ নিশা বিক্ৰী হ’ল ২.৭৫কোটি টকাৰ বিলাতী সুৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 15, 2022 8:40 am
alcohol-492871_1280-1-770x433-750x375

কৰ’নাৰ সংক্ৰমণে পুনৰ এবাৰ ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থালৈ প্ৰত্যাহ্বান কঢ়িয়াই অনাৰ মাজতে ভোগালীৰ উৰুকাৰ দিনটোত মহানগৰীত সুৰা বিক্ৰীয়ে অভিলেখ গঢ়িলে।

গুৱাহাটী মহানগৰীত উৰুকাৰ দিনটোত ২ .৭৫ কোটি টকাৰ সুৰা বিক্ৰী হৈছে।

আনহাতে, সমগ্ৰ ৰাজ্যত এই দিনটোত বিক্ৰী হৈছে প্ৰায় ৫ কোটি টকাৰ সুৰা ।

উল্লেখ্য যে নৱবৰ্ষক আদৰিবলৈ ৩১ ডিচেম্বৰৰ নিশাটো সুৰাৰ বিক্ৰীয়ে অভিলেখ গঢ়িছিল।

লগতে পঢ়ক: ভোগালীৰ উৰুকাৰ মাজতে নিৱনুৱাৰ সপোন চাৰখাৰ; কৃষকৰ খেতি-সামগ্ৰী ধ্বংস দুৰ্বৃত্তৰ,৫লাখ টকাৰ ক্ষতি

উক্ত দিনা কেৱল গুৱাহাটী মহানগৰীতে প্ৰায় ৬ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল।

স্বাভাৱিকতে দেখা গৈছে যে ৰাজ্যৰ ৰাজহ বৃদ্ধিত বিশেষ অৰিহনা যোগোৱা সুৰাৰ দাম বৃদ্ধি বা কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ আশংকাই সুৰাপায়ীৰ লগতে সুৰা ব্যৱসায়ীসকলৰ মাজত কোনোধৰণৰ প্ৰভাৱ পেলোৱা নাই।