NORTHEAST NOW (Assamese)
অসম

অহা বছৰৰ পৰাহে গুৱাহাটীৰ পথত চলিব গুলপীয়া বাছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2020 1:46 pm
অহা বছৰৰ পৰাহে গুৱাহাটীৰ পথত চলিব গুলপীয়া বাছ

ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২০-২১ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰি ‘ভ্ৰমণ সাৰথি’ নামৰ এখন আঁচনি ঘোষণা কৰিছিল।

নাৰী আৰু বয়সিয়াল লোকসকলৰ বাবে গুৱাহাটী মহানগৰৰ ভিতৰত এক বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা আৰম্ভ কৰাৰ লক্ষ্যৰে এই আঁচনি ঘোষণা কৰিছিল।

এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ব্যতিক্ৰম পদক্ষেপ হিচাপে গুলপীয়া বাছৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

শেহতীয়াকৈ অসম ৰাজ্যিক পৰিবহন নিগমে জানিব দিয়া অনুসৰি গুলপীয়া বাছ সেৱা অহা বছৰৰ পৰাহে শুভাৰম্ভ কৰা হ’ব।

এই আঁচনিৰ অধীনত গুৱাহাটী মহানগৰীত ১৫খন গুলপীয়া বাছ চলিব।

গুলপীয়া ৰঙৰ এই বাছসমূহ মহানগৰৰ ব্যস্ত ৰাজপথসমূহত দিনটো চলাচল কৰি থাকিব আৰু এই বাছসমূহে দেশৰ নাৰী আৰু বয়সিয়াল লোকসকলৰ বাবে ক্ষিপ্ৰ, নিৰাপদ আৰু সহজ গতিশীলতা সুনিশ্চিত কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাত মন্তব্য কৰিছিল।