NORTHEAST NOW (Assamese)

ৰং সলালে বিজেপিৰ পালিনেতা নৱ লহকৰে: মধ্য গুৱাহাটীত বিজয় গুপ্তাক সমৰ্থন কৰিবলৈ গৈ বিৰোধী প্ৰাৰ্থীক হাৰাশাস্তি

April 11, 2026 6:07 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:21 am

এসময়ত বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অন্যতম সহযোগী হিচাপে পৰিচিত তথা শুক্ৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি নৱ কুমাৰ লহকৰ ওৰফে ৰাজাৰ শেহতীয়া ৰাজনৈতিক কাৰ্যকলাপক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দুৰ্নীতিমুক্ত সমাজ আৰু সুস্থ ৰাজনীতিৰ স্বাৰ্থত এসময়ত সিদ্ধাৰ্থ ভট্টাচাৰ্যক সমৰ্থন কৰা নৱ লহকৰে এইবাৰ মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাৰ পক্ষ লৈ বিৰোধী শিবিৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ বিৰোধী ঐক্য আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুনকি চৌধুৰীৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ তুলি আৰক্ষীৰ জৰিয়তে হাৰাশাস্তি কৰা কাৰ্যক সচেতন ৰাইজে তীব্ৰ গৰিহণা দিছে।

ৰাজ্যিক বিজেপিৰ ভিতৰচৰাত চলি থকা ক্ষমতাৰ সমীকৰণৰ প্ৰতিফলন নৱ লহকৰৰ আচৰণত স্পষ্ট হৈ পৰা বুলি চৰ্চা চলিছে। উল্লেখ্য যে, সিদ্ধাৰ্থ ভট্টাচাৰ্য বিজেপিৰ ৰাজ্যিক সভাপতি হৈ থকাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাই দলটোত যোগদান কৰিছিল যদিও পৰৱৰ্তী সময়ত শৰ্মাৰ ৰাজনৈতিক উত্থানৰ বিপৰীতে ভট্টাচাৰ্যৰ গুৰুত্ব ক্ৰমান্বয়ে হ্ৰাস পায়। এইবাৰৰ নিৰ্বাচনত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টিকট কৰ্তন কৰি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ দিপ্লু ৰঞ্জন শৰ্মাক নিউ গুৱাহাটীত টিকট দিয়াৰ পাছত নৱ লহকৰেও নিজৰ পুৰণি আদৰ্শ বিসৰ্জন দি মুখ্যমন্ত্ৰীৰ শিবিৰত আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন হৈছে।

কেৱল ক্ষমতাৰ লালসা আৰু মুখ্যমন্ত্ৰী তথা তেওঁৰ ঘনিষ্ঠ বৃত্তক সন্তুষ্ট কৰিবলৈ নৱ লহকৰে এতিয়া ‘তোষামোদৰ ৰাজনীতি’ত ব্ৰতী হৈছে। বিশেষ সূত্ৰৰ খবৰ অনুসৰি, তেওঁ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা আৰু পল্লৱ লোচন দাসৰ অতি ঘনিষ্ঠ। আনকি দলৰ ভিতৰচৰাতো বহুতে তেওঁক মুখ্যমন্ত্ৰীৰ এজন অন্ধ তোষামোদকাৰী হিচাপেহে গণ্য কৰে।

লক্ষনীয়ভাৱে, বিজয় কুমাৰ গুপ্তাক সমৰ্থন কৰা নৱ লহকৰে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰাৰ স্বাৰ্থতে বিৰোধী ঐক্য আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুনকি চৌধুৰী তথা তেওঁৰ সামাজিক মাধ্যম চলোৱা সদস্যসকলৰ বিৰুদ্ধে উদ্দেশ্যপ্ৰণোদিতভাৱে কেতবোৰ ভিত্তিহীন অভিযোগ উত্থাপন কৰি পানবজাৰ থানাত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ পাছতেই কোনো সঠিক তথ্য আৰু প্ৰমাণ নোহোৱাকৈয়ে পানবজাৰ আৰক্ষীয়ে অজাপৰ প্ৰাৰ্থীগৰাকীৰ ছ’চিয়েল মিডিয়া কোষৰ সদস্যসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি মাজনিশাই তেওঁলোকক আটক কৰি থানালৈ আনি হাৰাশাস্তি কৰে। কেৱল নিজৰ ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে বিৰোধী প্ৰাৰ্থী আৰু সমৰ্থকক এনেদৰে আৰক্ষীৰ জৰিয়তে হাৰাশাস্তি কৰা কাৰ্যই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, নৱ লহকৰৰ এনে নেতিবাচক ৰাজনৈতিক ভূমিকাৰ পাছতে তেওঁৰ পাৰিবাৰিক মৰ্যাদাক লৈও বিভিন্ন মহলত আলোচনা আৰম্ভ হৈছে। গুৱাহাটীৰ ৰিহাবাৰী অঞ্চলৰ এজন অত্যন্ত সন্মানীয় তথা ভদ্ৰ ব্যৱসায়ী হিচাপে পৰিচিত ৰোহিনী লহকৰৰ সন্তান নৱ লহকৰে এনে নিকৃষ্টপথ বাছি লোৱাটোৱে স্থানীয় ৰাইজক স্তম্ভিত কৰি তুলিছে। আনকি তেওঁৰ ভাতৃ নিশান্ত লহকৰো এজন নম্ৰ আৰু সৎ যুৱক হিচাপেহে অঞ্চলটোত জনাজাত। এনে এক স্বচ্ছ পাৰিবাৰিক পটভূমিৰ পৰা আহি বিৰোধী প্ৰাৰ্থীৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক স্থিতি গ্ৰহণ কৰা কাৰ্যক সচেতন সমাজে কোনোমতেই সহজভাৱে গ্ৰহণ কৰিব পৰা নাই।

Related News