NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ পল্টন বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত দুই বাইক আৰোহী

Posted by: দ্বীপজ্যোতি শর্মা Updated by: দ্বীপজ্যোতি শর্মা March 16, 2020 12:55 pm
Untitled-1

মহানগৰীত সংঘিটত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি মহানগৰীৰ পল্টন বজাৰত পানী টেংকাৰে প্ৰাণ কাঢ়িলে দুই বাইক আৰোহীৰ।

দেওবাৰে নিশা ১০.২৫ বজাত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত  প্ৰাণ হেৰুৱাই গুৱাহাটী ধীৰেণপাৰাৰ  উজ্জ্বল নগৰৰ লক্ষ্মী কলিতাৰ পুত্ৰ  ধ্ৰৱ কলিতা(২৯) আৰু ফটাশিল আমাবৰী চেগুনবাৰীৰ মাধৱ নাথৰ পুত্ৰ নীলোৎপল নাথে (২৮)।

পল্টন বজাৰ যান-বাহন শাখাৰ আৰক্ষীয়ে জনোৱা অনুসৰি নিহত বাইক আৰোহী দুগৰাকীয়ে এছ-০১ডিএফ-৩৪৪৮ নম্বৰৰ এখন এফ জেদ বাইকেৰে পল্টন বজাৰ পৰা উলুবাৰী অভিমুখে পথৰ বিপৰীত দিশত আহি আছিল ।

তেনেতে বিপৰীত দিশৰ পৰা অহা এএছ-০১-চিচি-৭৫২৮নম্বৰৰ এখন পানী কঢ়িওৱা গাড়ীয়ে বাইকসহ দুয়োগৰাকী আৰোহীক মহতীয়াই লৈ যায়।

এগৰাকী থিতাতে মৃত্যু হোৱা বিপৰীতে আনগৰাকী গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় বুলি জানিব পৰা গৈছে।