NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 7, 2023 6:09 pm
chopper connectivity in Assam

কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান পৱন হংস লিমিটেডে বুধবাৰৰ পৰা অসমৰ চাৰিখন জিলা সংযোগী ছটা পথত হেলিকপ্টাৰ সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে।

ডিব্ৰুগড়-যোৰহাট-তেজপুৰ-গুৱাহাটী-তেজপুৰ-যোৰহাট-ডিব্ৰুগড় সংযোগী পথত হেলিকপ্টাৰ সেৱা আৰম্ভ হ’ব বুলি এক আনুষ্ঠানিক বিবৃতিত সদৰী কৰা হৈছে।

ৰাজ্যত এই পথকেইটা কাৰ্যকৰী কৰাৰ ফলত অঞ্চলটোৰ বাসিন্দাসকলৰ বাবে যাতায়তৰ সুবিধাৰ সৃষ্টি হ’ব আৰু বাণিজ্য তথা পৰ্যটন খণ্ডৰ এক উত্থান ঘটিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।

পৱন হংস লিমিটেডে ছয়খন ৰাজ্যত আঞ্চলিক সংযোগ আঁচনিৰ অধীনত ৮৬ টা পথৰ যাতায়ত সেৱা আগবঢ়োৱাৰ সুবিধা লাভ কৰিছে আৰু বুধবাৰে ইয়াৰ প্ৰথম পৰ্যায়ৰ যাতায়ত সেৱা মুকলি কৰা হ’ব।

ইয়াৰ পাছতে চুবুৰীয়া অৰুণাচল প্ৰদেশত এই সেৱাসমূহ কাৰ্যকৰী কৰা হ’ব বুলি বিবৃতিটোত লগতে কোৱা হৈছে।

এই আঁচনিখনে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দুৰ্গম স্থানসমূহলৈ বিমান সংযোগ প্ৰদানৰ বাবে বিশেষ গতি প্ৰদান কৰিছে বুলিও বিবৃতিটো উল্লেখ কৰা হৈছে।