NORTHEAST NOW (Assamese)
অসম

মহানগৰবাসীৰ বাবে ভাল খবৰ; প্ৰতি ৭৫০ মিটাৰৰ অন্তৰে অন্তৰে হ’ব বাছ আস্থান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2020 3:45 pm
Guwahati-City-bus-750x375

কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীত দুটা বাছ আস্থানৰ মাজত থকা দূৰত্ব ৭৫০ মিটাৰলৈ হ্ৰাস কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

কামৰূপ (মেট্ৰ’)ৰ আঞ্চলিক পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ত সোমবাৰে অনুষ্ঠিত হোৱা এখন বৈঠকত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে চিটি বাছৰ ফলত সৃষ্টি হোৱা যান-জঁট হ্ৰাস কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও উপায়ুক্ত গৰাকীয়ে কয়।

পেগুৱে গুৱাহাটী মহানগৰীৰ ৰাজহুৱা যাতায়ত ব্যৱস্থাক অধিক কাৰ্য্যক্ষম কৰি তোলাৰ হকে এনে সিদ্ধান্ত লোৱা হৈছে বুলিও লগতে মত প্ৰকাশ কৰে।

উপায়ুক্ত গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক এই নিয়ম সঠিক ৰূপত ৰূপায়ন কৰাৰ ক্ষেত্ৰতো দৃষ্টি ৰখাৰ বাবে আহ্বান জনায়।

তদুপৰি, মহানগৰীত চিটি বাছ সমূহৰ বাবে নতুনকৈ নিৰ্ধাৰণ কৰি দিয়া ৰাস্তা সমূহৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰাৰ বাবেও বাছ চালক সকলক আহ্বান জনায় পেগুৱে।

উল্লেখযোগ্য যে, সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে চিটি বাছ সমূহ চলাচল কৰিলে মহানগৰীৰ যান-জঁট বহু পৰিমাণে হ্ৰাস পাব বুলিও বৈঠকত সহ যান-বাহন আৰক্ষী আয়ুক্ত ৰঞ্জন ভূঞাই কয়।