NORTHEAST NOW (Assamese)

International cricket match in Guwahati: অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ টি-২০ মেচ

July 22, 2022 12:34 pm · এন ই নাও নিউজ, গুৱাহাটী

Guwahati: T20I match India played against South Africa গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অক্টোবৰত পুনৰ এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল উপভোগ কৰাৰ সুবিধা লাভ কৰিব অসমৰ ক্ৰিকেটপ্ৰেমী দৰ্শকে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ আগন্তুক ঘৰুৱা শৃংখলাৰ বাবে আয়োজন কৰিবলগীয়া মেচসমূহৰ স্থানসমূহ নিশ্চিত কৰা হৈছ।

চলিত বছৰৰ ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ ঘৰুৱা শৃংখলাৰ বাবে স্থানসমূহ নিৰ্ধাৰণ কৰাৰ লগে লগে গুৱাহাটীয়ে পুনৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত এখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজন কৰাৰ সুযোগ লাভ কৰিছে।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম।

২৮ ছেপ্টেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০শৃংখলাৰ প্ৰথমখন মেচ ভাৰতে খেলিব ত্ৰিবান্দ্ৰমত। সেইদৰে ১ অক্টোবৰত গুৱাহাটীত আৰু ৩ অক্টোবৰত ইন্দোৰত আন দুখন মেচ খেলিব।

সূচী অনুসৰি, টী-২০ শৃংখলাৰ পিছতে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন এদিনীয়া মেচৰ এক শৃংখলাও খেলিব। অহা ৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই শৃংখলা। এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ৰাঁচীত, দ্বিতীয়খন ৯ অক্টোবৰত লক্ষ্ণৌত আৰু ১১ অক্টোবৰত দিল্লীত তৃতীয়খন মেচ খেলোৱা হ’ব।  

Related News