NORTHEAST NOW (Assamese)
অসম

জাইকাই পাতিছে মৰণফান্দ, মহানগৰীত জাইকাই খন্দা গাঁতত পৰি প্ৰাণ হেৰুৱালে যুৱকে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 23, 2023 3:49 pm
জাইকাই পাতিছে মৰণফান্দ, মহানগৰীত জাইকাই খন্দা গাঁতত পৰি প্ৰাণ হেৰুৱালে যুৱকে

জাইকাই খন্দা বৃহৎ গাঁতত পৰি মৃত্যু হৈছে এগৰাকী চফল যুৱকৰ। গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত হৈছে এই ঘটনা।

জাইকাই খান্দি থোৱা উন্মুক্ত গাঁতত পৰি যুৱকৰ মৃত্যু হোৱা ঘটনাই জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা)ৰ  কাণ্ডহীন দায়িত্বৰ কথা পোহৰলৈ আনিছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা ঘৰলৈ উভতি আহোঁতে মন্টু ডেকা নামৰ যুৱকজন গাঁতত পৰি গৈছিল। কিছু আঘাত পোৱাত তেওঁক চিকিৎসাৰ বাবে দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱা হয়। অৱশ্যে শনিবাৰে পুৱা দুৰ্ভাগ্যজনকভাৱে ডেকাই মৃত্যুক সাৱটি লয়। 

অভিযোগ অনুসৰি চিকিৎসালয় কৰ্তৃপক্ষৰ ভুল চিকিৎসাৰ বাবেই তেওঁৰ মৃত্যু হয়। সূত্ৰই জনোৱা মতে, বেজী দিয়াৰ পিছত ডেকাৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু হয়।

এই ঘটনাৰ পিছতে তেওঁৰ পৰিয়ালৰ লোকে কৰ্তব্যত গাফিলতিৰ বাবে জাইকাৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।