NORTHEAST NOW (Assamese)
Popular Stories

সমগ্ৰ দেশতে বিতৰ্কৰ সন্মুখীন হোৱা জ্ঞানেশ কুমাৰে এইবাৰ পালে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 26, 2025 9:20 pm

জ্ঞানেশ কুমাৰক লৈ সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছে। বিৰোধীয়ে প্ৰতিদিনে ইটোৰ পিছত সিটো অভিযোগেৰে সমালোচনা কৰিছে। এই সকলোবোৰৰ মাজতে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত এক বিৰল সন্মান লাভ কৰিছে। তেওঁ ২০২৬ চনৰ আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচনী সহায়ক প্ৰতিষ্ঠান – আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচনী সহায়ৰ অধ্যক্ষ হিচাপে দায়িত্ব ল’বলৈ ওলাইছে।

১৯৯৫ চনত প্ৰতিষ্ঠা হোৱা আইডিইএই সমগ্ৰ বিশ্বতে গণতান্ত্ৰিক আন্তঃগাঁথনি আৰু নিৰ্বাচনী প্ৰক্ৰিয়া শক্তিশালী কৰাৰ চেষ্টা কৰে। ৩ ডিচেম্বৰত ছুইডেনৰ ষ্টকহ’মত সদস্য ৰাষ্ট্ৰ পৰিষদৰ বৈঠক অনুষ্ঠিত হ’ব।বৰ্তমান এই সংস্থাৰ সদস্য ৩৫খন দেশ। তাত ২০২৬ চনৰ অধ্যক্ষ হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব ল’বলৈ ওলাইছে জ্ঞানেশ কুমাৰে।

ভাৰতৰ নিৰ্বাচন আয়োগ বিশ্বৰ অন্যতম বিশ্বাসযোগ্য আয়োগ হিচাপে স্বীকৃতি লাভ কৰিছে। যি সময়ত দেশৰ নিৰ্বাচন আয়োগক বিৰোধীৰ বিভিন্ন প্ৰশ্নই জুৰুলা কৰিছে। যি সময়ত বিৰোধীয়ে দেশৰ ভোটাৰ তালিকা প্ৰস্তুতৰ পৰা আৰম্ভ কৰি সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াক সমালোচনা কৰি আছে, সেই সময়ত এই স্বীকৃতি যথেষ্ট তাৎপৰ্যপূৰ্ণ।

উল্লেখ্য যে জ্ঞানেশ কুমাৰ কেৰালা কেডাৰৰ ১৯৮৮ বেচৰ আই এ এছ বিষয়া। সমন্বয় মন্ত্ৰালয়ৰ প্ৰাক্তন সম্পাদক জ্ঞানেশে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কাম কৰিছে। ২০২৪ চনৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰা তেখেতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়তো সচিব আছিল।