NORTHEAST NOW (Assamese)
Popular Stories

অসৎ উদ্দেশ্য নাছিল, সকলোৱে যোৱাৰ বাবেহে লাল কিল্লালৈ গৈছিলো : আৰক্ষীৰ জেৰাত দীপ সিদ্ধু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2021 11:38 am
Deep-Singh-Sidhu

কোনো অসৎ বা হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ মানসেৰে লাল কিলালৈ যোৱা নাছিলো বুলি দাবী কৰিছে যোৱা ২৬ জানুৱাৰিৰ লাল কিলাৰ হিংসাত্মক কাণ্ডত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিনেতা দীপ সিদ্ধুৱে।

দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ জেৰাত দীপ সিদ্ধুৱে সকলোৱে লালি কিল্লালৈ যোৱাৰ বাবেহে তেওঁ তালৈ যোৱা বুলি প্ৰকাশ কৰিছে।

২৬ জানুৱাৰিৰ গণতন্ত্ৰ দিৱসৰ দিনা কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত লাল কিল্লাত সংঘটিত হিংসাত্মক কাণ্ড দীপ সিদ্ধুৱে সংঘটিত কৰোৱা বুলি অভিযোগ উত্থাপন হৈছিল।

সেই দিনাই লাল কিল্লাৰ বিক্ষোভস্থলীৰ পৰা এখন মটৰ চাইকেলত উঠি দীপ সিদ্ধুৱে দিল্লীৰ পৰা পলয়ান কৰি দুসপ্তাহৰো অধিক দিন আত্মগোপন কৰি আছিল।

মংগলবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত বুধবাৰে আদালতে দীপ সিদ্ধুক সাত দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে অপৰাধ অনুসন্ধান শাখাক চমজাই দিছে দীপ সিদ্ধুক।

অপৰাধ শাখাই চলোৱা জেৰাত দীপ সিদ্ধুৱে ২৫ জানুৱাৰিত চিংঘু সীমান্তত নাছিল বুলি দাবী কৰিছে। কিন্তু আৰক্ষীয়ে তেওঁ উক্ত দিনা চিংঘু সীমান্তৰ প্ৰতিবাদস্থলীত থকাৰ প্ৰমাণ মজুত আছে বুলি দাবী কৰিছে।

অভিযুক্ত অভিনেতাজনে দাবী কৰিছে যে ২৬ জানুৱাৰিত পুৱা শুই উঠি দেখে যে তেওঁৰ মোবাইলত কেইটামান মিছড কল আছিল আৰু প্ৰতিবাদী কৃষকসকলে লাল কিল্লালৈ যাব বুলি তেওঁলৈ কোনাবাই মেচেজ প্ৰেৰণ কৰি থৈছিল। তেওঁ দুজনমান বন্ধুক লৈ সেয়ে লাল কিল্লাত উপস্থিত হোৱা বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে।

লাল কিল্লাত জাতীয় পতাকাৰ সৈতে অন্য পতাকা উত্তোলন কৰাৰ কাণ্ডতো তেওঁ জড়িত নাই বুলি অপৰাধ শাখাৰ জেৰাত দাবী কৰিছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

অৱশ্যে দীপ সিদ্ধুৱে নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিলেও অপৰাধ শাখাই দীপ সিদ্ধুক মাৰথান জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।