NORTHEAST NOW (Assamese)

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

July 23, 2025 7:56 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা হঠাৎ পদত্যাগ কৰিছে জগদীপ ধনখড়ে। স্বাস্থ্যজনিত কাৰণত সোমবাৰে পদত্যাগ কৰে। কিন্তু মঙলবাৰে কংগ্ৰেছে দাবী কৰিছিল যে ধনখড়ৰ পদত্যাগৰ আঁৰত আৰু গভীৰ কাৰণ আছে, যিটো ৰাজহুৱা কৰা হোৱা নাছিল। এই মন্তব্যক লৈ ৰাজনৈতিক বিবাদৰ সৃষ্টি হৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, পদত্যাগৰ নিশা ধনখড়ে নিজৰ সামগ্ৰী পেক কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে মঙলবাৰে তেওঁৰ পদত্যাগৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। খবৰ অনুসৰি চৰকাৰৰ সিদ্ধান্ত ঘোষণাৰ পূৰ্বেই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বাসভৱন এৰি যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল।

প্ৰায় ১৫ মাহৰ আগতে ২০২৪ চনৰ এপ্ৰিল মাহত তেওঁ এই নতুন বাসগৃহটোলৈ স্থানান্তৰিত হৈছিল।সংসদ বিল্ডিং কমপ্লেক্সৰ কাষত থকা চাৰ্চ ৰোডৰ এই আধুনিক ভৱনটো চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছিল। উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু কাৰ্যালয় দুয়োটা আছিল। তেওঁ এতিয়া সেই বাসগৃহ এৰি যাবলৈ ওলাইছে।

কেইবাজনো বিৰোধী দলৰ নেতাই প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিব বিচাৰিছিল। কিন্তু সময় নথকাৰ বাবে লগ পোৱা সম্ভৱ নহল। সোমবাৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাউত আৰু এন চি পিৰ নেতা শৰদ পাৱাৰে সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছিল। খবৰ পোৱা গৈছে যে তেওঁলোককো সময় দিয়া হোৱা নাছিল।

২০২২ চনৰ আগষ্ট মাহত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা ৭৪ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল।কিন্তু তাৰ বহু আগতেই তেওঁ কাৰ্যভাৰ এৰিছিল। কিয়? সেই প্ৰশ্নৰ সঠিক উত্তৰ এতিয়াও লুকাই আছে। অৱশ্যে সমগ্ৰ দেশতে তীব্ৰ আলোচনা আৰম্ভ হৈছে।

Related News