NORTHEAST NOW (Assamese)

বিটিচিত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ; নিশা তাজত হিমন্ত-হাগ্ৰামাৰ গোপন বৈঠক

December 19, 2020 8:29 am · এন ই নাও নিউজ

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিটিচিত সদস্য নিযুক্তি প্ৰক্ৰিয়াত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দিয়াৰ পাছতে বিটিচিত নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে গুৱাহাটীৰ বিলাসী তাজ হোটেলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে নিশা গোপন বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমানলৈ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ গোপন বৈঠকৰ প্ৰকৃত উদ্দেশ্য কি সেই সম্পৰ্কে জানিব পৰা হোৱা নাই যদিও এই বৈঠকে বিটিচিৰ ৰাজনীতিত প্ৰবল ধুমুহাৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে, সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল।

বিপিএফ দলে ১৭ খন আসন, য়ু পি পি এলে ১২ খন আসন, বিজেপিয়ে ৯ খন আসন, গণ সুৰক্ষা পাৰ্টি আৰু কংগ্ৰেছে এখনকৈ আসন লাভ কৰিছিল।

ফলাফল ঘোষণা কৰাৰ পাছতে য়ু পি পি এল প্ৰধান প্ৰমোদ বড়োৱে নিশা হিমন্ত বিশ্ব শৰ্মা, বিজেপি সভাপতি ৰঞ্জিত দাস আৰু গণ সুৰক্ষা পাৰ্টিৰ নৱ শৰণীয়াৰ সৈতে একেলগে বৈঠকত মিলিত হৈ সন্মিলিত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত প্ৰমোদ বড়োৱে নতুন বিটিচি প্ৰধান হিচাপে শপত গ্ৰহণো কৰিছিল কিন্তু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু হাগ্ৰামা মহিলাৰীৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকৰ পাছত প্ৰমোদ বড়োৰ ৰাজনৈতিক ভবিষ্যত কেনে হ’ব সেয়া সময়েহে ক’ব।

Related News