NORTHEAST NOW (Assamese)

হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচন আয়োগে জাননী জাৰি কৰি খুব ভাল কাম কৰিছে : হাগ্ৰামা

April 4, 2021 3:47 pm · ৰিনয় বসুমতাৰী
Updated: April 4, 2021 3:48 pm

আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰিব।

এনে সময়তে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকল ব্যস্ত হৈ পৰিছে শেষ নিৰ্বাচনী প্ৰচাৰত।বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়েও এই ক্ষেত্ৰত বহি থকা নাই।

শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংঘাতত লিপ্ত হোৱা হাগ্ৰামাই কয় যে হিমন্তৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে প্ৰচাৰত যি নিষেধাজ্ঞা জাৰি কৰিছে সেয়া অতি ভাল কাম হৈছে।

সাংবাদিকৰ আগত হাগ্ৰামাই কয় যে নিৰ্বাচন আয়োগে হিমন্তৰ ক্ষেত্ৰত সঠিক সিদ্ধান্তই গ্ৰহণ কৰিছে।

হিমন্তই আবেদন জনাই নিষেধাজ্ঞাৰ সময় ৪৮ ঘণ্টাৰ পৰা ২৪ ঘণ্টালৈ হ্ৰাস কৰাৰ প্ৰসংগত হাগ্ৰামাই কয় যে এই বিষয়ত তেওঁৰ বিশেষ ক’বলগীয়া একো নাই।

বি পি এফ প্ৰধান হাগ্ৰামা আৰু কংগ্ৰেছ নেতা অপূৰ্ব  ভট্টাচাৰ্যই  মহাজোঁটৰ প্ৰতি অসমৰ ৰাইজে দেখুওৱা মৰমৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে  দাবী কৰে যে মহাজোটৰ চৰকাৰেই ৰাজ্যত প্ৰতিষ্ঠা  হব।

উল্লেখ্য আজি সন্ধিয়া ৬ বজাত অন্ত পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন প্ৰচাৰ।

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য্যৰ দাবী অসমত মহাজোটৰ চৰকাৰ আহিব সেয়া নিশ্চিত হৈ পৰিছে।

অসমৰ ভোটাৰ ৰাইজে মহাজোটৰ প্ৰাৰ্থীসকলক মৰম দিয়া বাবে ধন্যবাদ জ্ঞাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

Related News