NORTHEAST NOW (Assamese)

কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিখোঁজ অসমৰ যুৱক

October 21, 2021 11:15 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 21, 2021 12:29 pm

জীৱিকাৰ বাবে মহাৰাষ্ট্ৰৰ পুনে চহৰলৈ যোৱা হাইলাকান্দিৰ এজন যুৱক নিখোঁজ হৈছে। নিখোঁজ যুৱকজন হাইলাকান্দি জিলাৰ ৰাজ্যেশ্বেপুৰ দ্বিতীয় খণ্ড গাঁৱৰ আনাম উদ্দিন লস্কৰ বুলি জানিব পৰা গৈছে।

তিনিমাহ আগতে এটি ব্যক্তিগত প্ৰতিষ্ঠানত যোগদানৰ লক্ষ্যৰে আন ৮ যুবকৰ সৈতে পুনেলৈ গৈছিল আনাম উদ্দিন।

গাঁৱৰে কাজল উদ্দিন লস্কৰ নামৰ এজন লোকে কৰ্মসংস্থাপন দিয়াৰ আশ্বাস দি এই যুৱককেইজনক পুনেলৈ লৈ গৈছিল। কিন্তু এই ৯ যুৱকৰ ভিতৰত আন ৮ যুৱক ইতিমধ্যে নিজ নিজ ঘৰলৈ ঘূৰি আহিছে।

কিন্তু একেখন গাঁৱৰ আনাম উদ্দিন লস্কৰ আজিলৈকে ঘৰলৈ ঘূৰি অহা নাই। লগতে এতিয়ালৈকে যুৱকজনৰ সৈতে কোনো যোগাযোগো কৰিব পৰা নাই পৰিয়ালৰ লোকে।

যোৱা ৭ অক্টোবৰৰ পৰা তেওঁৰ মোবাইল ফোন বন্ধ থকাৰ বাবে আজিলৈকে পৰিয়ালৰ যোগাযোগ সম্ভৱ হোৱা নাই।

ইতিমধ্যে আনাম উদ্দিনৰ পৰিয়ালৰ লোকে হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীত কাজল উদ্দিন লস্কৰৰ লগতে আন দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

লগতে ৰাজ্য চৰকাৰ তথা হাইলাকান্দি প্ৰশাসনৰ ওচৰত আনাম উদ্দিন লস্কৰক সুস্থ শৰীৰে নিজ গৃহলৈ ঘূৰাই আনিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Related News