NORTHEAST NOW (Assamese)
অসম

হাজো আৰক্ষীৰ জালত এইবাৰ কুখ্যাত আন্ত:ৰাষ্ট্ৰীয় তীৰ মাফিয়া কনক মেধি

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা July 26, 2021 12:42 pm
Teer mafia kanak Medhi

হাজো ৰামদিয়াৰ বঙালতোলাৰ পৰা হাজো আৰক্ষীৰ এটা বৃহৎ দলে গ্ৰেপ্তাৰ কৰিছে তীৰ মাফিয়া কনক মেধিক।

খানাপাৰা অথবা শ্বিলং নহয়, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ তীৰ খেলৰ সৈতে জড়িত এইজন কনক মেধি।

ভূটানৰ পৰা নিয়ন্ত্ৰিত তীৰ খেলৰ নামনি অসমৰ বৃহৎ অঞ্চলৰ মূল তীৰ মাফিয়া আছিল কনক মেধি।

বৃহৎ পৰিমাণৰ ধনৰ সৈতে হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তীৰ মাফিয়াটোক।

মেধিয়ে WhatsApp ৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় তীৰৰ বেহা চলাইছিল অসমত।

এনেদৰে ৰাজ্যখনত তীৰৰ ৰমৰমীয়া ব্যৱসায় চলাই অবৈধভাৱে ধন ঘটাৰ লগতে নতুন প্ৰজন্মক প্ৰলোভিত কৰি অসৎ পথলৈ আকৰ্ষণ কৰি আহিছে তীৰ মাফিয়া চক্ৰই।