NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত ভুৱা টেট শিক্ষকৰ উজান; হাজোত পুনৰ ৫জন ভুৱা টেট শিক্ষকক আটক

Posted by: মৃদুল প্রীতম ডেকা, কামৰূপ Updated by: মৃদুল প্রীতম ডেকা, কামৰূপ October 5, 2021 11:23 am
Fake TET teachers arrested in Hajo

Fake TET teachers: ৰাজ্যত এইবাৰ ভুৱা টেট শিক্ষকৰ উজান উঠিছে। ইতিমধ্যে অসম আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা বহুকেইজন ভুৱা টেট শিক্ষকক আটক কৰিছে।

ইপিনে ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে হাজোত পুনৰ আৰক্ষীৰ অভিযান চলে।

সোমবাৰে নিশাৰে পৰা চলোৱা এই অভিযানত এই পৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৫ জনকৈ ভুৱা টেট শিক্ষকক।

হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধীৰ নেতৃত্বত চলিছিল এই অভিযান।

বক্ৰপথেৰে বিটিআৰত হাইস্কুল টেট শিক্ষকৰ নিযুক্তি লাভ কৰা হাজোৰ ১নং ভেলকৰ আৰু বঙালপাৰা অঞ্চলৰ পৰা এই ৫ জন ভুৱা টেট শিক্ষকক আটক কৰিছে আৰক্ষীয়ে।

Also Read: উপ নিৰ্বাচনৰ বাবে তিনিটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ; কোনে কোনে পালে প্ৰাৰ্থিত্ব?

আটকাধীন ভুৱা শিক্ষক কেইজন হৈছে বঙালপাৰাৰ দিলদাৰ হুছেইন, মুক্তাৰ আলী আৰু ১নং ভেলকৰৰ আক্কাছ আলী, আজমূল হক আৰু নাজামুদ্দিন আহমেদ।

ইতিমধ্যে আটকাধীন আটাইকেইজন শিক্ষকক সোধা পোচা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।

বক্ৰপথেৰে টেট শিক্ষকৰ চাকৰি লাভ কৰা ভুৱা শিক্ষকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।