NORTHEAST NOW (Assamese)

ভাৰতীয় ফুটবল দলত স্থান লাভ অসমৰ হলিচৰণ, বিনীত ৰায়ৰ

October 11, 2018 7:15 am ·
Updated: October 11, 2018 7:41 am

অহা ১৩ অক্টোবৰত চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ বিৰুদ্ধে হ’বলগীয়া প্ৰীতি ফুটবল মেচৰ বাবে ঘোষণা কৰা ২২ জনীয়া ভাৰতীয় দলত অসমৰ হলিচৰণ নাৰ্জাৰী আৰু বিনিত ৰায়ে স্থান লাভ কৰি পুনৰ এবাৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ষ্টিফেন কনষ্টেনটাইনে ঘোষণা কৰা ভাৰতীয় দলটোত অসমৰ দুগৰাকীকৈ খেলুৱৈৰ স্থান লাভে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ফুটবল প্ৰেমী তথা অসম ফুটবল সংস্থা।

উল্লেখ্য যে সম্প্ৰতি অসমৰ দুয়োগৰাকী খেলুৱৈ আই এছ এলত চুক্তিবদ্ধ হৈ থকাৰ উপৰি ৰাষ্ট্ৰীয় স্তৰত ধাৰাবাহিকভাৱে দেখুৱাই অহা উন্নত প্ৰদৰ্শনৰ বাবেই চীনৰ বিৰুদ্ধে ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ভাৰতীয় ফুটবল জগতৰ অন্যতম তাৰকা সুনীল চেত্ৰীৰ নেতৃত্বত খেলিবলগীয়া মেচখনত এইবাৰ চীনৰ বিৰুদ্ধে ভাৰত ফেভাৰিট বুলি বহু ফুটবল বিশেষজ্ঞই মন্তব্য কৰিছে।

Related News