NORTHEAST NOW (Assamese)
Popular Stories

আই এছ এলৰ এখন মেচত দুটাকৈ গ’ল কৰি চমক সৃষ্টি অসমৰ হলিচৰণৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 5, 2021 10:34 am

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ফুটবল দলৰ নিয়মীয় সদস্য অসমৰ হলিচৰণ নাৰ্জাৰীয়ে চলিত আই এছ এলত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছে।

এই বছৰ হায়দৰাবাদ এফ চিত চুক্তিবদ্ধ হোৱা লেফ্ট উইংগাৰ নাৰ্জাৰীয়ে চেন্নাইন এফ চিৰ বিৰুদ্ধে দুটাকৈ গ’ল কৰি চমক দিবলৈ সক্ষম হৈছে।

সোমবাৰে অনুষ্ঠিত হৈ যোৱা মেচত হায়দৰাবাদ এফ চিয়ে চেন্নাইন এফ চিক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ তৃতীয় বিজয় সাব্যস্ত কৰে।

গোৱাৰ জি এম চি ষ্টেডিয়ামত অনুষ্ঠিত মেচখনৰ ৫৩ আৰু ৭৯ মিনিটত গ’ল দুটা কৰে হলিচৰণে।

তেওঁৰ উপৰি দলৰ হৈ আন দুটা গ’ল কৰে ক্ৰমেজুৱেল চিয়ানেছ আৰু জোৱাও ভিক্টৰে। আনহাতে চেন্নায়েনৰ হৈ একমাত্ৰ গ’লটো কৰে অনিৰুদ্ধ থাপাই।

উল্লেখ্য যে চলিত আই এছ এলত হলিচৰণে এই পৰ্যন্ত ৯খন মেচত তিনিটা গ’ল কৰি গ’লদাতাৰ তালিকাৰ সপ্তম স্থানত আছে।

হলিচৰণে এই সংস্কণৰত প্ৰথমটো গ’ল কৰিছিল ইষ্ট বেংগলৰ বিৰুদ্ধে।

চলিত সংস্কৰণৰ গ’লদাতাৰ তালিকাৰ শীৰ্ষত আছে এফ চি গোৱাৰ ইগৰ আলবনিয়া। ইগৰে এই পৰ্যন্ত ৯খন মেচত ৯টা গ’ল কৰিছে।