NORTHEAST NOW (Assamese)

গাজাত বোমাবৰ্ষণ বন্ধ কৰিলে মুকলি কৰা হ’ব সকলো পণবন্দীক: প্ৰস্তাৱ হামাছৰ

October 18, 2023 11:04 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 18, 2023 11:15 am

যুদ্ধৰ বিভীষিকাই দহিছে ইজৰাইল-পেলেষ্টাইন। যোৱা ৭ অক্টোবৰত ইজৰাইলত হামাছৰ আকস্মিক আক্ৰমণৰ পিছতে ইজৰাইলৰ ভয়াৱহ প্ৰত্যাক্ৰমণত বিধ্বস্ত হৈ পৰিছে গাজা।

মঙলবাৰে গাজাৰ এক চিকিৎসালয়ত ইজৰাইলে চলোৱা বিমান আক্ৰমণত প্ৰায় ৫০০ সাধাৰণ নাগৰিকৰ মৃত্যু হয়। এই ভয়াৱহ আক্ৰমণৰ পিছতে হামাছে যুদ্ধৰ সকলো পণবন্দীক চৰ্ত অনুসৰি মুকলি কৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে।

প্ৰকাশিত খবৰ অনুসৰি, ইজৰাইলে গাজাত বোমাবৰ্ষণ বন্ধ কৰিলে হামাছে সকলো অসামৰিক পণবন্দীক তৎক্ষণাত মুকলি কৰি দিবলৈ ইচ্ছুক।

হামাছৰ এজন জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে। ইজৰাইলী বাহিনীয়ে গাজা ষ্ট্ৰিপত সামৰিক আক্ৰমণ বন্ধ কৰি দিলে হামাছে এঘণ্টাৰ ভিতৰতে সকলো পণবন্দীক মুক্ত কৰিবলৈ সাজু বুলি বিষয়াজনে মন্তব্য কৰিছে।

উল্লেখ্য যে, গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে সাধাৰণ পেলেষ্টাইনী নাগৰিকে আশ্ৰয় লৈ থকা চহৰখনৰ এক চিকিৎসালয়ত ইজৰাইলৰ সেনাই চলোৱা বিমান আক্ৰমণত পাঁচ শতাধিক লোক নিহত হোৱা বুলি দাবী কৰিছিল।

কিন্তু ইজৰাইলে এই আক্ৰমণৰ দায়িত্ব অস্বীকাৰ কৰি পেলেষ্টাইনী ইছলামিক জেহাদ সামৰিক গোটৰ ব্যৰ্থ ৰকেটেহে চিকিৎসালয়খনত আঘাত হনা বুলি দাবী কৰে।

Related News