NORTHEAST NOW (Assamese)

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ সাফল্য : হস্ত নিৰ্মিত বন্দুকসহ আটক চাৰি চোৰাং চিকাৰী

October 29, 2020 8:08 am · কাজী জেইদুল ইছলাম
Updated: October 29, 2020 2:29 pm

কালি পুৱা ভাগত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন শিবিৰ এলেকাত বন বিভাগৰ এটি দলে গোপন সূত্ৰৰ পম খেদি ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত চাৰিজনকৈ চোৰাং চিকাৰীক হস্ত নিৰ্মিত বন্দুকৰ সৈতে আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন কেইজন ক্ৰমে কান্তা বসুমতাৰী, কলা বসুমতাৰী, ৰাজু বড়ো, বিপিন বসুমতাৰী।

ঘটনা স্থলীৰ পৰা তিনিটাকৈ হস্ত নিৰ্মিত বন্দুক বাৰুদ সহ প্ৰায় ডেৰ কিলো হৰিণাৰ মাংস আৰু মাছ মৰা সামগ্ৰীসহ দুখন কাঠেৰে নিৰ্মিত হাত না‌ও জব্দ কৰিবলৈ সক্ষম হয়।

বন বিভাগৰ সুত্ৰ‌ই প্ৰকাশ কৰা তথ্য অনুসৰি আটকাধীন কেইজন বালিপাৰা সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত গাঁৱৰ বাসিন্দা।

এই সমগ্ৰ অভিযানত আছিল নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া দেৱাশীষ বুঢ়াগোহাঁইৰ নেতৃত্বত ৰাষ্ট্ৰীয় উদ্যানখনৰ ফৰেষ্টাৰ ওৱান দ্বীপ কলিতাসহ বনকৰ্মীৰ এটা দল।

ইতিমধ্যে বন বিভাগে আটক কৰা আটাইকেইগৰাকী চোৰাং চিকাৰীক বন বিভাগৰ অধীনস্থ গোচৰত গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

Related News