NORTHEAST NOW (Assamese)
অসম

কৰ’না অতিমাৰীৰ বাবে দিয়া লকডাউনৰ ফলত কৰুণ পৰিণতিৰ সন্মুখীন হৈছে হস্ততাঁত শিল্পীসকল

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী July 31, 2021 1:01 pm
IMG_20210731_113305

কৰ’না অতিমাৰীৰ বাবে চৰকাৰে দিয়া লকডাউনৰ ফলত কাল অমানিশা নামি আহিছে সাধাৰণ জনতাৰ। একেদৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে তাঁত শিল্পৰ কৰ্মীসকলৰ।

ক’ভিড ১৯ ৰ বাবে চৰকাৰে ঘোষণা কৰা আংশিক লকডাউনত অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে বঙাইগাঁও জিলাৰ নোৱাপাৰা গাওঁ পঞ্চায়তৰ বৰবাখৰা গাঁৱৰ হস্ত তাঁত শিল্পীসকল।

গাৱঁখনৰ অধিকাংশ পুৰুষ লোকে তাঁতশালৰ লগত জড়িত যদিও আংশিক লকডাউনৰ ফলত তেওঁলোক লোকচানৰ সন্মুখীন হৈছে।

পূৰ্বতে ৰাজ্যৰ বিভিন্ন ঠাইত তেওঁলোকে তৈয়াৰ কৰা কাপোৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল যদিও এইবছৰ বিক্ৰী কৰিব নোৱাৰাত লোকচান ভৰিব লগা হৈছে।

চৰকাৰীভাৱে কোনো সহায় নাপালেও এই পুৰুষসকলে কিন্তু তথাপিও দিনে নিশাই তাঁত শালত ব্যস্ত হৈ তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ বাবে তুমুল যুদ্ধ চলাই আছে। পিচে, আগতকৈ বেছি কষ্ট কৰিও লাভৱান হব পৰা নাই এই সকল পৰিয়াল।

সেয়ে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰ্থিক সাহায্য আগবঢ়াবলৈ অনুৰোধ জনাইছে এই শিপিনী সকলে। চৰকাৰে এই সকল শিল্পীক সহায় কৰিলে নিশ্চিতভাবে তেওঁলোক লাভৱান হব পাৰিব।