NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 14, 2022 7:56 pm
কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

এইবাৰ ব্যাপক হাৰত কাশ্মীৰত উৰিছে ভাৰতৰ জাতীয় পতাকা ৷কাশ্মীৰৰ উত্তৰ-পশ্চিম অংশৰ নিয়ন্ত্ৰণ ৰেখাৰ গুৰেজ উপত্যকাৰ বাসিন্দাসকলে দেশপ্ৰেমৰ চানেকি দাঙি ধৰি জাতীয় পতাকী উৰুৱায়৷যোৱা সাত দশক ধৰি সেই এলেকাটোৰ বহু বাসিন্দাই জাতীয় পতাকা উৰুওৱা নাছিল৷

কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম ঘটিছে৷ গুৰেজ উপত্যকাৰ লোকসকলে ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পতাকা উত্তোলন কৰিছে। ইমান দিনে কেৱল বন্দুকৰ গুলীৰ শব্দ আৰু বিস্ফোৰকৰ মাজত বাস কৰা উপত্যকাটোৰ লোকে নিজ হাতেৰে ত্ৰিৰংগা প্ৰস্তুত কৰি উত্তোলন কৰে৷ অঞ্চলটোৰ মহিলাসকলে সেনা-পৰিচালিত দক্ষতা বিকাশ অভিযানৰ অধীনত ৰাষ্ট্ৰীয় পতাকা চিলাই কৰাৰ প্ৰশিক্ষণ লৈছে।

এই অভিযানৰ অধীনত প্ৰায় ৭৫ গৰাকী মহিলাই ভাৰতীয় সেনাৰ সহায়ত দক্ষতা বিকাশ কেন্দ্ৰত ৭ দিনৰ ভিতৰত প্ৰায় ৭৫০ খন ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰিছে। গুৰেজ উপত্যকাৰ ঘৰ আৰু কাৰ্যালয়ৰ ছাদত সেইবোৰ পতাকা উত্তোলন কৰা হ’ব।

দাৱাৰৰ দক্ষতা বিকাশ কেন্দ্ৰটো মোজাইক প্ৰাইভেট লিমিটেড, এনএইচপিচি আৰু অসামৰিক প্ৰশাসনৰ সহযোগত স্থাপন কৰা হৈছে। এই কেন্দ্ৰত চিলাই, প্লাম্বিং, আৰু কম্পিউটাৰৰ দৰে বিভিন্ন পাঠ্যক্ৰমৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধি কৰিব বিচৰা হৈছে৷

এই কেন্দ্ৰত প্ৰস্তুত কৰা পতাকাবোৰ অনন্য আৰু উৎকৃষ্ট মানৰ হৈছে বুলি বহুতে কৈছে৷ ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতাৰ আহ্বানৰ প্ৰতি উপত্যকাটোৰ জনতাই জনোৱা সঁহাৰিক সকলোৱে শলাগিছে৷