NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড যোদ্ধাসকললৈ সন্মান জনাই জন্মদিন পালন নকৰিলে শচীন টেণ্ডুলকাৰে, শুভকামনাৰ জোৱাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2021 5:56 pm

আজি শচীন টেণ্ডুলকাৰৰ জন্মদিন।

৪৮ বছৰত ভৰি দিলে বিশ্ব ক্ৰিকেটৰ কিংম্বদন্তিগৰাকীয়ে।

এই লৈ ২৪ এপ্ৰিল তাৰিখটো যোৱা কেইবাদশকধৰি ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এটা বিশেষ দিন।

সতীৰ্থ ক্ৰিকেটাৰ, অনুৰাগী, পৰিয়াল-পৰিজনে উলহ-মালহকৈ পালন কৰি আহিছে এই দিনটো।

কিন্তু যোৱা বৰ্ষত মহামাৰিৰ বাবে টেণ্ডুলকাৰে জন্মদিন পালন নকৰিলে।

এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল।

কৰোণাৰ স’তে যুঁজ দি থকা চিকিৎসাকৰ্মীসকলৰ প্ৰতি সন্মান জনাই তেওঁ জন্মদিন পালন বাতিল কৰে।

জন্মদিন পালন নকৰিলেও শুভেচ্ছাবাণীৰ অভাৱ হোৱা নাই টেণ্ডুলকাৰৰ বাবে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটি ভিডিঅ’ত দেখা গৈছে তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ পৰা আৰম্ভ কৰি সুনীল গাভাস্কাৰলৈকে, সকলোৱে টেণ্ডুলকাৰৰ ভৰিত ধৰি প্ৰণাম কৰিছে।

অনেক লোকে ভিডিঅ’টো শ্বেয়াৰ কৰি কৈছে যে টেণ্ডুলকাৰক কিয় ক্ৰিকেটৰ ঈশ্বৰ বুলি কোৱা হয়, এয়া তাৰেই প্ৰমাণ।

আইচিচি আৰু বিচিচিআইয়ে টেণ্ডুলকাৰৰ সফলতাৰ একোখন তালিকা শ্বেয়াৰ কৰি টুইটযোগে ক্ৰিকেটাৰগৰাকীক শুভেচ্ছাপ্ৰদান কৰিছে।

টুইটাৰত বিৰাট কোহলী, হৰভজন সিং, যুৱৰাজ সিং, সুৰেশ ৰাইনা, দীনেশ কাৰ্তিকেও টেণ্ডুলকাৰক জন্মদিনৰ শুভেচ্ছা প্ৰদান কৰিছে।

 

এই শুভেচ্ছাসমূহ লাভ কৰি পুলকিত হৈ পৰিছে শচীন টেণ্ডুলকাৰ।

টুইটাৰত এটা ভিডিঅ’ প’ষ্ট কৰি তেওঁ সকলোলৈকে ধন্যবাদ জনাই নিজৰ বাৰ্তা প্ৰেৰণ কৰিছে।

তেওঁ কয় যে ক’ভিড ৰোগীসকলক প্লাজমাৰ প্ৰয়োজন।

সেয়ে অনুৰাগীসকললৈ তেওঁ অনুৰোধ কৰে যে সকলোৱে যেন প্লাজমা প্ৰদান কৰে।