NORTHEAST NOW (Assamese)
ক্ৰীড়া

কাজিয়াৰ পৰিণতিত দলৰ বাহিৰত চাহাল! হৰভজনৰ মন্তব্যত সন্দেহৰ ছাঁ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2023 1:42 pm
Harbhajan On Chahal

এসময়ত ভাৰতীয় দলৰ মূল একাদশৰ অন্যতম প্ৰধান খেলুৱৈ তথা বলিং লাইন আপৰ এক শক্তি যুজবেন্দ্ৰ চাহাল এতিয়া দলৰ বাহিৰত। আগন্তুক ক্ৰিকেট বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলতো উপেক্ষিত হৈছে চাহাল।

বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ বিপক্ষে এক এদিনীয়া শৃংখলাত অংশ ল’ব। এই শৃংখলাৰ প্ৰথম দুখন মেচত দলৰ কেইবাগৰাকীও নিয়মীয়া তথা জ্যেষ্ঠ খেলুৱৈক দিয়া হৈছে বিশ্ৰাম। লক্ষণীয়ভাৱে এই শৃংখলাতো চাহালক দলত অন্তৰ্ভুক্ত কৰা নহ’ল।

তাৰকা স্পিনাৰগৰাকীক এইদৰে দলত অন্তৰ্ভুক্ত নকৰাৰ বাবে হতাশ হৈ পৰিছে প্ৰাক্তন স্পীন তাৰকা হৰভজন সিং। চাহালক সুযোগ নিদিয়াৰ সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ কৰি হৰভজনে কৰিছে এক বিশেষ মন্তব্য।

প্ৰাক্তন তাৰকাগৰাকীৰ সন্দেহ, চাহাল হয়তো কাৰোবাৰ লগত বিবাদত লিপ্ত হৈছে অথবা কাৰোবাক এনে কোনো কথা কৈছিল, যাৰ বাবে তেওঁৰ নিৰ্বাচনৰ সম্ভাৱনাত প্ৰভাৱ পৰিছে!

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিপক্ষে আগন্তুক শৃংখলাত স্পিনাৰ ৱাশ্বিংটন সুন্দৰক স্থান দিয়া হৈছে। প্ৰত্যাৱৰ্তন ঘটিছে অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰো। এই দলটোত চাহালৰ অন্তৰ্ভুক্তি উচিত আছিল বুলি হৰভজনে মন্তব্য কৰিছে।

“যুজবেন্দ্ৰ চাহাল এই দলত থাকিব লাগিছিল। তেওঁক কোনো সুযোগ দিয়া হোৱা নাই। কিয় সুযোগ দিয়া নাই, সেয়া মোৰ বুজাৰ বাহিৰত। হয়তো তেওঁ কাৰোবাৰ লগত বিবাদত লিপ্ত হৈছে অথবা কাৰোবাক কিবা এটা কৈছে, মই নাজানো।”— হৰভজনে কয়।

হৰভজনৰ মতে, যদি কেৱল দক্ষতাৰ ফালৰ পৰা বিচাৰ কৰা হয়, তেতিয়া চাহালৰ নাম এই দলত থাকিব লাগিছিল। ভাৰতীয় দলৰ বহু খেলুৱৈক জিৰণি দিয়াৰ সুবাদতে অন্তত: চাহালে সুযোগ পাব লাগিছিল বুলি হৰভজনে কয়।