NORTHEAST NOW (Assamese)
অসম

গুনজুঙত আৰক্ষীৰ জালত দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্য, অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ

Posted by: পংকজ কুমাৰ দেব January 5, 2019 2:20 pm
20190105_122319

পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ মুহুৰ্তত পাৰ্বত্য জিলাৰ গুনজুঙত শুকুৰবাৰে নিশা মাইবাঙ আৰক্ষীয়ে এক অভিযান চলাই ডিমা নেশ্যনেল আৰ্মিৰ এগৰাকী সদস্যক আটক কৰাৰ উপৰিও ভালেমান অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে।

আৰক্ষীয়ে আটক কৰা উগ্ৰপন্থী সদস্য জনৰ নাম ৰূপনজিত নাইডিঙ ওৰফে ফাইস্ৰিঙ (২৮)। সদস্যজনৰ ঘৰ গুনজুঙত। আৰক্ষীৰ সোধা পোছাত ৰূপনজিতে অলপতে মাইবাঙ আৰক্ষী থানাৰ অন্তৰ্গত হাজাদিচা অঞ্চলত এগৰাকী বৃদ্ধক অপহৰণ কাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰে।

ৰূপনজিতে দিয়া তথ্যৰ ভিত্তিত আৰক্ষীয়ে মাটিৰ তলৰ পৰা এটা এচাল্ট ৰাইফল, এটা ম্যাগজিন, ৫.৬৫ পিষ্টলৰ ৬৯ জাই সজীৱ গুলি, এটা ৭.৬৪ পিষ্টল, ৭.৬৫ পিষ্টলৰ এটা ম্যাগজিন আৰু ৮ জাই সজীৱ গুলিৰ লগতে কিছুমান আপত্তিজনক নথি উদ্ধাৰ কৰে।

ডিমা হাচাও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্প ৰাজ সিঙে জানিবলৈ দিয়ে যে উক্ত অঞ্চলত আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে আৰু আৰক্ষীৰ জালত পৰা উগ্ৰপন্থী সদস্যজনৰ জেৰা অব্যাহত আছে।