NORTHEAST NOW (Assamese)
অসম

চাৰ্বিয়ান অভিনেত্ৰীৰ সৈতে হাৰ্দিক পাণ্ডেয়াৰ প্ৰেম; বছৰৰ অন্তিম দিনটোত নিজেই ৰাজহুৱা কৰিলে সম্পৰ্কৰ কথা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 1, 2020 5:45 pm
hardik

নৱ বৰ্ষৰ আৰম্ভণিতে পোহৰলৈ আহিল ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডেয়াৰ প্ৰেম কাহিনী।

চাৰ্বিয়ান অভিনেত্ৰী নাতাশা স্তানকোভিচেৰ সৈতে চলি থকা প্ৰেমৰ সম্পৰ্কৰ কথা ছ’চিয়েল মিডিয়া মাধ্যমেৰে হাৰ্দিকে নিজেই ৰাজহুৱা কৰে।

২০১৯ বৰ্ষৰ অন্তিম দিনটোত নিজৰ মহিলা অনুৰাগী সকলৰ হৃদয় ভাঙি নতাশাৰ সৈতে একেলগে উঠা ফটো নিজৰ ইষ্টাগ্ৰামত পোষ্ট কৰে হাৰ্দিকে।

খেলৰ লগতে বিভিন্ন কাৰণত সংবাদ শিৰোণামাত থকা হাৰ্দিক পাণ্ডেয়াৰ শেহতীয়া ইষ্টাগ্ৰাম পোষ্টে এতিয়া ক্ৰিকেট অনুৰাগী সকলৰ মাজত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বহু অনুৰাগীয়ে হাৰ্দিকক প্ৰেমিকাৰ সৈতে নতুন বছৰৰ  শুভকামনা জ্ঞাপন কৰি  শীঘ্ৰে ভাৰতীয় দললৈ উভতি অহাৰ বাবে আহ্বান জনায়।

বিভিন্ন সময়ত হাৰ্দিকে সাংবাদিকে প্ৰেমিকা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰ এৰাই চলিলেও অৱশেষত নিজেই সকলো প্ৰশ্নৰ উত্তৰ দিয়ে ক্ৰিকেটাৰ গৰাকীয়ে।

উল্লেখযোগ্য যে, আঘাতৰ বাবে হাৰ্দিক বৰ্তমান ভাৰতীয় দলৰ পৰা বাহিৰত আছে।

শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে সম্পুৰ্ণ সুস্থ নহোৱা বাবে হাৰ্দিকৰ নাম নিৰ্বাচক সমিতিয়ে বিবেচনা নকৰিলে।