NORTHEAST NOW (Assamese)

২০ টা ছিক্সাৰেৰে হাৰ্দিক পাণ্ডেয়াৰ ১৫৮ ৰানৰ বিধ্বংসী ইংনিছ

March 7, 2020 7:14 am · এন ই নাও নিউজ
Updated: March 7, 2020 7:18 am
হাৰ্দিক পাণ্ডেয়া

আঘাতৰ বাবে বহু দিন ধৰি খেল পথাৰৰ পৰা আতৰি থকা টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডেয়াই ডিৱাই পাটিল টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত বিধ্বংসী প্ৰদৰ্শন দাঙি ধৰিছে।

শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন খেলত হাৰ্দিকে মাত্ৰ ৫৫ বলৰ সন্মুখিন হৈ ২০ টা বিশাল ছিক্সাৰেৰে অপৰাজিত ১৫৮ ৰানৰ ইনিংছ খেলে।

নেভি মুম্বাইৰ ডিৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত টি-২০ খেলখনত পাণ্ডেয়াই ৰিলায়েঞ্চৰ হৈ বিপিচিএলৰ বিপক্ষে এই বিধ্বংসী ইনিংছ খেলে।

আই পি এলৰ তাৰকা বলাৰ সন্দীপ শৰ্মা, শিৱম ডুৱে আদিৰ দৰে বলাৰৰ বিপক্ষে খেলি পাণ্ডেয়াই এই বিধ্বংসী ইনিংছটো খেলে।

উল্লেখযোগ্য যে, ডিৱাই পাটিল টি-২০ প্ৰতিযোগিতাত পাণ্ডেয়াৰ এইটো দ্বিতীয় শতকীয় ইনিংছ।

ইয়াৰ পূৰ্বে বিগত খেলখনতো পাণ্ডেয়াই শতৰাণ অৰ্জন কৰিছিল।

ডিৱাই পাটিল টি-২০ প্ৰতিযোগিতাত দাঙি ধৰা চমৎকাৰ প্ৰদৰ্শনেৰে হাৰ্দিকে ভাৰতীয় দললৈ উভতি আহিব পৰাকৈ যে সুস্থ হৈ উঠিছে সেয়া প্ৰমাণ কৰি দেখুৱাইছে।

Related News