NORTHEAST NOW (Assamese)
অসম

বেটিং ব্যৰ্থতা : হাৰিয়ানাৰ বিপক্ষে ৭ উইকেটত পৰাস্ত অসম

Posted by: এন ই নাও নিউজ February 28, 2019 2:26 pm
Riyan Porag

বেটিং ব্যৰ্থতাৰ বাবেই পুনৰ পৰাজয়ৰ সন্মুখীন হ’ল অসমৰ ক্ৰিকেট দল। ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি কটকৰ বাৰাৱতি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এখন মেচত হাৰিয়ানাই অসমক ৭ উইকেটত পৰাস্ত কৰে।

বৰষুণৰ বাবে ১৫ অভাৰলৈ হ্ৰাস কৰা মেচখনত হাৰিয়ানাই টছত জয়ী হৈ অসমক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। হাৰিয়ানাৰ বলাৰৰ সুনিয়ন্ত্ৰিত বলিঙৰ আগত তিষ্ঠিব নোৱাৰি অসমে নিৰ্ধাৰিত ১৫ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ৮০ ৰান কৰিবলৈ সক্ষম হয়।

অসমৰ হৈ অপেনাৰ বেটছমেন পল্লৱকুমাৰ দাসে ২২, ৰিয়ান পৰাগে ১৭, অধিনায়ক অমিত সিনহা আৰু আবু নেছিম আহমেদে ১১ ৰান কৰাৰ বাহিৰে কোনো এজন বেটছমেনেই দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে।

আনহাতে অসমৰ এই বেটিং ব্যৰ্থতাৰ মূলতেই আছিল হাৰিয়ানাৰ বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শন। হাৰিয়ানাৰ হৈ সুমীত কুমাৰে ৪টা, জয়ন্ত যাদৱে ২টা, আছিছ হুডা আৰু ৰাহুল তেৱাতিয়াই এটাকৈ উইকেট দখল কৰে।

ইফালে ৮১ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিব অহা হাৰিয়ানাই মাত্ৰ ৮.৪ অভাৰতে তিনিটা উইকেট হেৰুৱাই মেচখনত বিজয়ী সাব্যস্ত কৰে। হাৰিয়ানাৰ হৈ য়াচু শৰ্মাই সৰ্বাধিক ২৬ ৰান সংগ্ৰহ কৰে। অসমৰ প্ৰীতম দাস আৰু জিতুমণি কলিতাই এটাকৈ উইকেট পায়।

উল্লেখ্য যে অসম দলটোৰ এয়া ক্ৰমাগত দ্বিতায় পৰাজয়। আজিৰ মেচৰ পূৰ্বে ২৭ ফেব্ৰুৱাৰি অৰ্থ্যৎ বুধবাৰে অসম উৰিষ্যাৰ হাতত পৰাস্ত হৈছিল।