NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ হাৰিয়ানা চৰকাৰৰ ৫ কোটি টকাৰ বৰঙণি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2019 7:49 am
khattar-kB0E--621x414@LiveMint

অসমৰ ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাথি তথা বানপীড়িত ৰাইজক সহায় কৰাৰ উদ্দেশ্যে বলিউডৰ অভিনেতা, ক্ৰিকেটাৰ, ৰাজনৈতিক নেতাকে ধৰি দেশৰ বিভিন্ন ঠাইৰ পৰা বিভিন্নজনে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে আৰ্থিক অনুদান।

ইয়াৰ মাজতে বৃহস্পতিবাৰে হাৰিয়ানা চৰকাৰৰ তৰফৰ পৰা মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰে বান সাহায্য হিচাপে অসম চৰকাৰক ৫ কোটি টকা প্ৰদান কৰিব বুলি জনায়।

খট্টৰে লগতে এই আৰ্থিক অনুদানখিনি মুখ্য মন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

বানে ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত কৰা অসমক সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি অহা হাৰিয়ানা চৰকাৰৰ এনে মহানুভৱতাক অসম চৰকাৰ তথা ৰাইঝৰ তৰফৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে উত্তৰাখণ্ড চৰকাৰৰ তৰফৰ পৰা মুখ্য মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে অসমৰ বনাৰ্তসকলক সহায় কৰাৰ মানসিকতাৰে অসম চৰকাৰক ৫ কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰিছিল।