NORTHEAST NOW (Assamese)
অসম

টীয়কৰ চাহ বাগিচাত পোকৰ সন্ত্ৰাস; খাই বিনষ্ট কৰিলে শ শ বিঘা বাগিচাৰ কেঁচাপাত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 25, 2021 2:00 pm
Tea garden Final

এফালে ৰঙালীৰ উচাহ,আনফালে কোভিডৰ সন্ত্ৰাস। তাৰ মাজতে সকলো ব্যস্ত নিজ নিজ কৰ্মক্ষেত্ৰত। ব্যতিক্ৰম নহয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল।

কিন্তু সম্প্ৰতি চাহ খেতিয়ক সকললৈ অশনি সংকেত নমাই আনিছে এবিধ পোকে।

যোৰহাট জিলাৰ টীয়কতো এই অনিষ্টকাৰী পোক বিধে বিস্তৰ ক্ষতি সাধন কৰিছে l ইয়াৰ ফলত বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকল বৃহৎ সমস্যাৰ সন্মুখীন হৈছে।

যোৱা বছৰ লকডাউনৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছিল যদিও এইবাৰ কৰ’নাই মহামাৰী ৰূপ ধাৰণ কৰিলেও চাহ ফেক্টৰিবোৰ খুলি ৰখাত বাগিচাৰ উৎপাদিত কেঁচা চাহপাত খিনি ফেক্টৰিত দিব পাৰিছিল।

কিন্তু “লুপাৰ “নামৰ এবিধ পোকৰ সন্ত্ৰাসে চাহ খেতিয়কসকলৰ জীৱনলৈ অমানিশা নমাই অনাৰ উপক্ৰম ঘটিছে।

নিশাটোৰ ভিতৰতে পোক বিধে বিঘাই বিঘাই খাই নষ্ট কৰিছে বাগিচাৰ কেঁচা চাহপাত।

সেয়ে নিজৰ গাঁঠিৰ ধন ভাগি কৰা চাহখেতি ডৰাত পোকৰ এই আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সংশ্লিষ্ট কতৃৰ্পক্ষ বিশেষকৈ যোৰহাটস্থিত টোকলাই চাহ গৱেষণা কেন্দ্ৰক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে।