NORTHEAST NOW (Assamese)
Popular Stories

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মইমতালিৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ল হাভাৰ্ড বিশ্ববিদ্যালয় আৰু এমআইটি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 9:17 am
2U_Feature_Harvard-1280x720

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে বিশ্ববিখ্যাত হাভাৰ্ড বিশ্বিবদ্যালয় আৰু মাচাছুচেটছ ইনষ্টিটিউট অৱ টেকন’লজীয়ে।

সোমবাৰে মাৰ্কিন ইমিগ্ৰেশ্যন এণ্ড কাষ্টম এনফ’ৰ্ছমেন্টে এক বিবৃতিৰ জৰিয়তে বিদেশী শিক্ষাৰ্থীক আমেৰিকাত থকাৰ অনুমতি দিয়া নহয় আৰু শিক্ষানুষ্ঠানৰ আগন্তুক গ্ৰীষ্মকালীন পাঠ্যক্ৰম অনলাইন যোগেদি আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছিল।

ট্ৰাম্পৰ প্ৰশাসনৰ এই সিদ্ধানক প্ৰত্যাহ্বান জনাই বিশ্বৰ বিখ্যাত এই দুই শিক্ষানুষ্ঠানে আদালতৰ দাৰস্থ হৈছে।

মাচাছুচেটছৰ ফেডাৰেল আদালত এই দুই শিক্ষানুষ্ঠানে আমেৰিকাৰ সুৰক্ষা বিভাগৰ এই সিদ্ধান্ত আৰু গাইডলাইনক বেআইনী ঘোষণা কৰিবলৈ আবেদন জনাইছে।

শিক্ষানুষ্ঠান দুখনৰ কৰ্তৃপক্ষই অভিযোগ কৰি কয় যে, এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে মাৰ্কিন প্ৰশাসনে বিশ্ববিদ্যালয়ৰ মতামত আৰু শিক্ষাৰ্থীসকলৰ স্বাস্থ্য বিষয়ে অকণো গুৰুত্ব প্ৰদান কৰা নাই।

আনকি শিক্ষানুষ্ঠানসমূহলৈ এই সিদ্ধান্ত লোৱাৰ পূর্বে মাৰ্কিন প্ৰকাশনে কোনোধৰণ জাননীও প্ৰেৰণ কৰা নাই বুলি অভিযোগ কৰিছে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই।

“ইমিগ্ৰেশ্যন এণ্ড কাষ্টম এনফ’ৰ্ছমেন্টে খামখিয়ালিৰে হাজাৰ হাজাৰ বিদেশী শিক্ষাৰ্থীক মাৰ্কিন যুক্তৰাষ্ট্ৰত শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত কৰিব খুজিছে। ইফালে ছেমিষ্টাৰ আহিছে। ইমান কম সময়ত শিক্ষাৰ্থীসকলে অন্য শিক্ষানুষ্ঠানত ভর্তি হোৱাৰো কোনো অৱকাশ নাথাকিব।” অভিযোগ পত্ৰত এইদৰে লিখিছে মাৰ্কিন উচ্চ শিক্ষানুষ্ঠান দুখনে।