NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় অভিলেখ: জানেনে এই গাইজনীয়ে দিনে কিমান গাখীৰ দিয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 9:27 pm
Haryana cow sets new national record in milk production

হাৰিয়ানাৰ এজনী গায়ে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছে।

Holstein Friesian প্ৰজাতিৰ এই গাইজনীয়ে এদিনত ৭৬.৬১ কেজি (~লিটাৰ) গাখীৰ দি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে।

গাইজনীৰ মালিক হ’ল হাৰিয়ানাৰ কাৰ্নালৰ গালিব খেৰি গাঁৱৰ বলদেৱ সিং।

২০১৪ চনত গাইজনীয়ে প্ৰথম ৪২লিটাৰ গাখীৰ দিছিল।

পৰৱৰ্তী সময়ত গাইজনীয়ে ৫৪ লিটাৰ, ৬২ লিটাৰকৈ গাখীৰ দি আহিছিল।

গাইজনীয়ে বিভিন্ন প্ৰদৰ্শনী, মেলা আদিতো পুৰস্কাৰ লাভ কৰি আহিছে।

বলদেৱ সিঙৰ এই সফলতাৰ আঁৰত আছে কাৰ্নালৰ নেচনেল ডেইৰি ৰিচাৰ্চ ইনষ্টিটিউট।

খেতিয়কসকলক বিভিন্ন সহায় আৰু প্ৰশিক্ষণ দি অহা এই প্ৰতিষ্ঠানটোৱে বলদেৱ সিঙকো সহায় কৰিছিল।

বলদেৱ সিঙৰ এই সফলতাত প্ৰতিষ্ঠানটোৰ সঞ্চালক ডঃ এম এছ চৌহানে আনন্দ প্ৰকাশ কৰিছে।

তেওঁ আশা প্ৰকাশ কৰে যে এই সফলতাই নতুন প্ৰজন্মৰ সকলকো দুগ্ধ উৎপাদনক এক লাভজনক বৃত্তি হিচাপে ল’বলৈ উৎসাহিত কৰিব।

Holstein Friesian প্ৰজাতিৰ গাই বিশ্বৰ আটাইতকৈ অধিক দুগ্ধ উৎপাদনকাৰী পশু হিচাপে জনাজাত।

এই প্ৰজাতি নেডাৰলেণ্ডছ আৰু জাৰ্মেনিৰ পৰা মূলতঃ অহা।